Sunday, 30 September 2018

ইউকেলিপ্টাছ (Part 5)


জিঞাই ডাক্তৰৰ টেবুলৰ পেপাৰ ৱেটটোলৈ নিস্তেজ চকুযুৰিৰে একেথৰে চাই থাকিল ৷
“ It’s okay madam. As long as she’s fine, she’s healthy it’s okay. I’m there with her.” সি সহজভাৱে কৈ গ’ল ৷
সূৰ্যাস্তই ৰং সনা হেঙুলীয়া আবেলিটোত তাই কোৱা নাছিল জানো তাক আতৰি যাবলৈ ! ডাক্তৰৰ চেম্বাৰত মুখ খুলি একো ক’ব নোৱাৰি মানসিক অশান্তিত ভুগিছিল তাই ৷ অন্ততঃ তাৰ ভালৰ বাবে নিজৰভালপোৱা ত্যাগ কৰিবলৈ তাই ৰাজী ৷ তাইৰ কথা শুনি সি মাথো হাঁহিছিল ৷
“আতৰি যাম ? মই ? তই ক’লেও নাযাওঁ ৷”
“নুবুজা কিয় ? তোমাৰ ভালৰ বাৰে কৈছো ৷”
“ঠিক আছে মানি ল’লো ৷ মই বাৰু আতৰি গ’লো তোমাৰ পৰা ৷ কাৰণ ? যিহেতু আমাৰ বিয়া হোৱা নাই আতৰি গ’লেওতো মানুহৰ ক’ব লগা একো নাই ! কিন্তু যদি বিয়াৰ পাছত তোৰ অসুখ হ’ল হয় ? তই মোক আতৰি যাব ক’লি হয় নে ? ক’লেও মই আতৰি গ’লো হয় জানো ?”
নিস্তব্ধতা ৷ আকাশৰ হেঙুলীয়াবোৰ ক্ৰমাৎ ঘন নীলা হৈ আহিল ৷
“যদি বিয়াৰ পাছত তোক এনে অৱস্থাত অকলে যুঁজিবলৈ এৰি নিদিলো হয় , তেন্তে এতিয়া তোক এৰি আতৰি যোৱাৰ যুক্তি ক’ত ?...ভালপাওঁ তোক ৷ জীৱনৰ সেউজ ৰঙা পাৰ্চপেক্টিভবোৰৰ দিশে একেলগে বাট বুলাৰ সপোন দেখিছিলো ৷ ইমান সহজে মৰহিবলৈ নিদিওঁ ৷”
সিদিনা তাই তাৰ ওচৰত কান্দিছিল ৷ ভাগৰুৱা চকুহালত টোপনিয়ে থিতাপি নোলোৱালৈ কান্দিছিল ৷ Sometime you no need to kneel down, be someone’s shoulder to cry.
০ ০ ০

“কুম্‌নো ফি লং ?” ৰক্তিমহঁতৰ ঘৰৰ ওচৰত থকা টেইলাঙে খবৰ সোধাত হে সি বৰ্তমানলৈ ঘূৰি আহিল ৷ পুৰণি কথাবোৰ ভাবি ভাবি কেতিয়ানো টিলাটো পালেহি গ’মেই পোৱা নাছিল ৷সি কিবা কোৱাৰ আগত তায়েই হাঁহি হাঁহি টেইলাঙক খবৰ ভাল বুলি জনালে ৷টিলাটোৰ এটা মূৰৰপৰা পাহাৰখনৰ একাংশ ভালদৰে দেখা যায় ৷ জ্বলি থকা লাইটবোৰ এজাক তৰা যেন লাগিল ৷ আকাশত টুকুৰা টুকুৰ মেঘবোৰ উৰি ফুৰিছে ৷ ক’ৰবাত হয়তো নৈৰ পাৰত কঁহুৱা ফুলিছে ৷ এচাটি বতাহে চুই গ’ল ৷ তাই গুনগুনালে , “ মোৰ মনৰ পচোৱা ফাগুনক দিবি, মোৰ গানৰ শলিতা এন্ধাৰত জ্বলাবি ...” যা হওঁক তাইৰ মুখেৰে শৰতত ফাগুন নিগৰিল ! হঠাতে গেটৰ কাষত সগৌৰৱে থিয় হৈ থকা ইউকেলিপ্টাছ দুজোপা দেখি কি জানো মনত পৰিল তাইৰ, “ইউকেলিপ্টাছ গছৰ দৰে ওখ হ’ব খোজো মই, চিৰদিন, চিৰন্তন...আকাশ চুব খোজো মই...”
তাইক হাঁহি থকা দেখিলে ৰক্তিমৰ মুখখন উজলি উঠে ৷ কোনোবাটো আবেলি এইজনী ছোৱালীয়েই গছজোপা আকৌ সেউজীয়া হ’ব বুলি ভবাটো ভুল বুলি কৈছিল ! ইউকেলিপ্টাছ হোৱাতো দুৰৰ কথা ৷
জীৱন যুঁজত জয়ী হ’ল তাই ৷ নিজৰ ওচৰত হাৰ নামানিলে কেতিয়াও ৷ সেউজীয়াবোৰ গাঢ় হ’ল ৷ইউকেলিপ্টাছডাল সগৌৰৱে থিয় হৈ থাকিল ,আৰু তায়ো থিয় হৈ থাকিল ইউকেলিপ্টাছৰ দৰে ,ৰক্তিমে বিচৰাৰ দৰে ৷


৷ সমাপ্ত ৷

Saturday, 29 September 2018

ইউকেলিপ্টাছ (part 4)


    কলেজত তাইতকৈ ৰক্তিম দুবছৰ ডাঙৰ ৷ গ্ৰেজুৱেছনৰ শেষৰফালে কোনো এটা আবেলি সি গুজি দিয়া ৰঙা গোলাপপাহ আজিও তাইৰ ডায়েৰিৰ কোনোবাটো পৃষ্ঠাৰ মাজত কুচি-মুচি সোমাই আছে ৷ সি জানো কবিতাও লিখা নাছিল !
“তোমাৰ মেঘালী চুলিটাৰিয়ে মায়া সনা
ৰাগিয়াল সন্ধ্যাবোৰত
জোনাক নামে...
এপিয়লা ভালপোৱা
তোমাৰ নামত...”
বাকীখিনি হয়তো তাইৰো মনত নাই ৷ মাকে এদিন কিতাপৰ মাজত পাই কি বুলি সোধাত লাৰু কৰি তাই কাগজখন খিৰিকীৰে দলিয়াই দিয়া নাছিল জানো ! ইহ্‌, ক’লেই হ’ব নে প্যাৰ কিয়া তো দৰ্‌না ক্যা বুলি,মাকৰ আগত তাইৰ বুকুৰ কঁপনিৰ প্ৰাবল্য তাই হে গ’ম পাইছিল ! লাহে লাহে কথাবোৰ জনা-জনি হৈছিল ৷ দিন বাগৰিল ৷ আত্মীয়তা বাঢ়িল ৷ বিয়া বাৰুৰ কথা আগবঢ়োৱাৰ উদ্দেশ্যে ল’ৰাঘৰৰ মানুহ জিঞাহঁতৰ ঘৰলৈ যোৱা কথা ৷ তাৰ ঠিক দুদিন আগত, সন্ধিয়া ৰিপ’ৰ্টটো লৈ আধা মৰা মানুহৰ দৰে ঘৰ সোমাইছিলহি তাই ৷ অন্ধকাৰ দেখিছিল সকলো দিশে ৷
ডাক্তৰে বাহিৰলৈ লৈ যাবলৈ পৰামৰ্শ দিছিল ৷ ব্ৰেষ্ট কেন্সাৰ ৷ প্ৰতিটো মূহুৰ্তৰ ছাঁৰদৰে আছিল সি  ভাগিপৰা ঘৰখন চম্ভালিছিল ৷ এপদ এপদকৈ পৰি অহা তাইৰ স্বাস্থ্য দেখি কেতিয়াবা সিও ভাগি পৰিছিল ৷ কষ্ট পাইছিল তাই ৷ শাৰীৰিক-মানসিক ৷ অপাৰেছনৰ পাছত অসুখীয়া দেউতাকক ঘৰলৈ পঠিয়াই তাইৰ চোৱা চিতাৰ সম্পূৰ্ণ দায়িত্ব ৰক্তিমে নিজে মূৰ পাতি লৈছিল ৷ ৰিলিজ দিয়াৰ আগত চেম্বাৰত ৰিপ’ৰ্টবোৰ চাই ডাক্তৰণী গৰাকীয়ে তাইৰ ফালে চাই সুধিছিল ,“Have you both got married ?”
“No madam”
ৰিপ’ৰ্টবোৰত আকৌ এবাৰ চকু ফুৰাই ৰক্তিমৰ ফালে চাই কৈ গ’ল,“She is cured now. We’ve successfully removed the lump. But...we can’t say the other breast wont get affected! There’s still a chance. She knows it all, I've talked to her already; I wanted you to know. In her case, later we might have to treat with hormone therapy. It will change the way of hormone’s work, or; we might have to remove the ovaries that produce hormones !” – প্ৰশ্নবোধক চাৱনি এটা ৰক্তিমলৈ উফৰি আহিল ৷

(To be continued)



Tuesday, 25 September 2018

ইউকেলিপ্টাছ (part 3)


টেক্সিখনে সিহঁতক নীপ্‌কোৰ অফিচটোৰ সমুখত নমাই দিলে ৷ ঘড়ী চালে, ৬:৪০ ৷ এতিয়া। সিহঁতে লাইটুমখ্ৰাইলৈ যোৱা টেক্সিলৈ ৰ’ব লাগিলে বহুত দেৰি হ’ব ৷ আগৰ কথা হোৱাহেঁতেন ইমান দেৰি তাই PGৰ মালিকনীৰ টান কথা শুনাটো খাটাং আছিল ৷ এই প্ৰায় ছমাহ হ’ল সি তাইক সামাজিকভাৱে নিজৰ কৰি ল’লে ৷ দুয়ো এতিয়া লাইটুমখ্ৰাইৰ পাহাৰৰ দাঁতিত কাঠৰ সৰু বাংলো এটা ভাড়ালৈ লৈছে ৷ তাই ৰুইছে তাইৰ পছন্দৰ ফুলবোৰ ৷ এচুকত কিছু শাক-পাচলি ৷ যদিও পানী দিয়া আৰু চোৱা চিতা কৰা দায়িত্ব তাৰ, তাই কাষত থিয় হৈ সকলো তদাৰক কৰে ৷ এই যেনে, “ইমান পানী কিয় দিছা ?” , “ সেইজোপাৰ গুৰিটো খুচৰি দিয়া” ইত্যাদি ৷ আজিকালি খিৰিকীখন খুলিলে শুকান গছবোৰ নেদেখে তাই ৷ তাইৰ সমুখত সগৌৰৱে থিয় হৈ থাকে দুডাল ইউকেলিপ্টাছ !
যদিও টেক্সিলৈ ৰ’ব পাৰিলেহেঁতেন, দুয়ো নীপ্‌কোৰ কাষেৰে খোজ কাঢ়ি লাইটুমখ্ৰাইলৈ উঠি যাব পৰা বাটটো ল’লে ৷ ভাগৰ লাগিছিল হয়, কিন্তু এই খোজকাঢ়ি উঠি যোৱা বাটটোৰ মাদকতা বেলেগ ! দুয়োকাষে পাইন আৰু ঝাৰু গছবোৰ ৷ মাজে মাজে দুই এটা চাংঘৰ ৷ কোনোটাৰ বাৰাণ্ডাত কম ৱাটৰ বাল্ব এটা জ্বলি আছে ৷ এই হালধীয়া পোহৰকণৰ আমেজেই সুকীয়া ৷ ধুই মেলি থোৱা কাপোৰবোৰ এতিয়াও শুকোৱা নাই ৷ ক’ৰবাত আকৌ জুহালৰ চিমনীৰে ধোঁৱা ওলাইছে ৷ হয়তো চুঙাত গাহৰি পুৰিছে ৷ বতাহজাকত বনৰীয়া ফুলৰ গোন্ধ এটা ভাঁহি আহিল ৷ লগতে বালি আৰু আঙঠাৰে জুহালত বেক কৰা কেকৰ পোৰা পোৰা গোন্ধ এটা ! টিলাটো আধা বগাই কঁকালত দুয়োখন হাত থৈ তাই ফোপাই ফোপাই ক’লে, “এডাল লাঠি লৈ। আহিব লাগিছিল ! এভাৰেষ্ট বগাই থকা যেন লাগিল হয় পৰ্বতাৰোহীৰ দৰে ৷”
তাৰ হাঁহি উঠিল, “ হ’ব আৰু ৷ শ্বিলঙত এবছৰ থাকিলি, এতিয়ালৈ অভ্যাসেই নহ’ল তোৰ ! কাম নাই দেই ৷”
পাছৰপৰা গৈ তাই তাৰ পিঠিত ঢকা এটা মাৰিলেগৈ ৷ জোকোৱাৰ পাছত চকু দুটা আধা মুদি নাকটো কোচাই ঢকাটোলৈ বাট চোৱাটো তাৰ অভ্যাস ৷
“Give me a piggy back .” বুলি তাই তাৰ পিঠিত প্ৰায় জাঁপ মৰাদি উঠিল ৷
“অ’ই পাগলী কি কৰ’ ! নাম নাম ৷ দুয়োটা বাগৰি পাহাৰৰ তল পামগৈ ৷”
“কিয় ? মোৰ কাম নাই নহয় ,দাঙি নিয়া এতিয়া !” কেতিয়াবা তাইৰ মাজৰ এই সৰু ছোৱালীজনী জাগি উঠে ৷
“ নানামিলে পেলাই দিম কিন্তু ৷”
তাই হাঁহি হাঁহি নামিল ৷ এসময়ত কলেজৰ ইক’নমিক্স ডিপাৰ্টমেণ্ট ৰজন জনাই থকা সেই চিনাকী হাঁহিটো ৷


To be continued ...

Saturday, 22 September 2018

ইউকেলিপ্টাছ (part 2)


বহিব পৰাকৈ কোনোমতে ঠাই অকমাণ উলিয়াই দুয়ো বহিল ৷ উপায় নাই ৷ছয় বজাৰ পাছত খালি টেক্সি পাব বুলি আশা কৰাটো ভুল ৷খিৰিকীৰে অহা ঠাণ্ডা বতাহজাকে দুয়োকে কোবাই গ’ল ৷ যদিও পূজাৰ বতৰ, ইয়াত শীত অলপ সোনকালে নামে ৷
“ঠাণ্ডা নলগাবি ৷ গ্লাছখন উঠাই ল’ ৷”
নাই , তাই নুশুনিলে (?) ! গাড়ীখনত বাজি থকা খাছী গানটোৰ সৈতে সুৰ মিলাই গুনগুনাব ধৰিলে তাই ,যদিও শব্দবোৰ অচিনাকী ৷ বতাহত উৰি থকা চুলিকোচাই বাৰে বাৰে তাৰ মুখত কোবাই থাকিল ৷ “অ’ই তোৰ চুলিবোৰ কাটিব লগা হৈছে কিন্তু দেই ৷বান্ধি ল’৷”
-“নাবান্ধো ৷”
সি হাঁহিলে ৷ এতিয়া অন্ততঃ তাৰ মুখত কোবাই যাব পৰাকৈ তাইৰ চুলিকোচা দীঘল হৈছে ৷ প্ৰায় এবছৰ দুবছৰ আগৰ কথা ৷ তাই মুৰত মাৰি থোৱা ক’লা কাপোৰখন তাৰ বাবে এতিয়াও দুঃস্বপ্নৰ দৰে ৷ যুঁজিছিল তাই নিজৰ সতে , আজিও যুঁজি আছে ৷ সি আছে তাইৰ লগত একান্ত প্ৰহৰী হৈ ৷ সি দেখিছে তাইক চকুপানীৰ টোপালেৰে হাঁহিৰ ফুলৰ মালা গাঁথা ৷ তাইৰ জীৱনলৈ কাল হৈ আহিছিল এক ব্যাধি ৷ ডাক্তৰে কৈছিল কেন্সাৰ, ব্ৰেষ্ট কেন্সাৰ ৷ তাই মুখা-মুখি হ’ব পাৰিছে ৷ তাই পাৰিব ৷ ক্ৰমাৎ দুৰ্বল হৈ অহা শৰীৰ, শেঁতা পৰি যোৱা চকুহাল, নিস্তেজ হাঁহিটো...আৰু কিচকিচিয়া ক’লা চুলিকোচা ? তিনি-চাৰিটা কেম’থেৰাপিৰ পাছত কোচা কোচাকৈ সৰি যোৱা চুলিবোৰ চুকে কোণে গুজি থোৱা সি দেখিছিল ৷ আইনাৰ সমুখত বহি ভালপোৱা ছোৱালীজনীয়ে ঘণ্টাৰ পাছত ঘণ্টা খিৰিকীৰ কাষত বহি পাত সৰি লঠঙা হোৱা শুকান গছবোৰ চাই পাৰ কৰা আবেলিবোৰৰ কথা ভাবিলে তাৰ আজিও বুকুখন বিষায় ৷ এদিন সিয়েইতো আনি দিছিল ক’লা কাপোৰ এখন মুৰত মাৰিব পৰাকৈ ৷ সিও গৈ তাইৰ সৈতে খিৰিকীৰ কাষত থিয় হৈছিল ৷গছবোৰ শুকান ৷ বেলি পৰো পৰো ৷ শেষ পোহৰভাগে দুয়োৰে মুখত হেঙুলীয়া আভা সানিছিল ৷ আগতে তাই প্ৰায়েই তাক কৈছিল, “কেতিয়াবা মই মোৰ ওচৰত মাথো তোমাক বিচাৰো আৰু এটি সূৰ্যাস্তই ৰং সনা হেঙুলীয়া আবেলি ৷”
-“কবিতা নাগাবি দেই ৷” সি হাঁহিছিল ৷
আশাবোৰ, বিচৰা বস্তুবোৰ কেতিয়া যে কি পৰিস্থিতিত পূৰণ হয় !
ৰক্তিমে মৌনতা ভাঙিলে ৷ “কিয় চিন্তা কৰিছ’ তই ৷শুকান গছবোৰ আকৌ সেউজীয়া হ’ব; সোনকালেই ৷বতাহৰ কোবত দুৰ্বল হে হৈছে ৷ কিন্তু ভাঙি পৰা নাই ৷ তইতো বেছি শক্তিশালী হয় নে নহয় ?”
প্ৰত্যুত্তৰত তাইৰ সেই সেমেকা হাঁহিটো সি পাহৰা নাই ৷
সহজ ভাৱে তাই কৈ গৈছিল, “এতিয়া হয়তো তুমি মোৰ পৰা আতৰি যোৱাটোৱেই ভাল হ’ব ৷ তোমাৰ নিজৰ কাৰণে, তোমাৰ ঘৰখনৰ কাৰণে ৷ তোমাৰ সপোনৰ বাটবোৰত ছাঁৰ দৰে থাকিব নোৱাৰিম, হয়তো তাৰ পৰিৱৰ্তে বাধা হৈ থিয় দিম ৷ তুমি ভবাৰ দৰে হয়তো ইউকেলিপ্টাছ হ’বও নোৱাৰো মই ৷ শুকান গছজোপা আকৌ সেউজীয়া হ’ব বুলি আশা কৰাটো কেতিয়াবা ভুলো হ’ব পাৰে !”


(To be continued)


Friday, 21 September 2018

ইউকেলিপ্টাছ (part 1)


“টেক্সি পাম নে আজি ?” তাইৰ চকুত এটা বিৰক্তি ভৰা প্ৰশ্নবোধক ৷
“থিয় হৈ হৈ ভৰি বিষাইছে আৰু মোৰ ৷ দিনটো কম দৌৰিব লাগে নে অফিচটোত ৷” তাইৰ অলপ আপত্তি ৷
-“ৰহচোন ৷ অলপ ধৈৰ্য্য ধৰ ৷ এইখনতো গুৱাহাটী নহয়, হাত দাঙিলেই টেক্সি, বাছ পাবি ৷” – তাৰো জানো দিনটো কামৰ বোজা দাঙি দাঙি ভাগৰ লাগি থকা নাই ! ফুটপাথৰ দাঁতিত থিয় হৈ অলপ হাউলি ৰাস্তাটোৰ সিটো মূৰলৈ চাই পঠিয়ালে ৷ নাই সৰহভাগ ব্যক্তিগত গাড়ী ৷ দুই এখন আহিছে যদিও আনটো টিলালৈহে যাব ৷
“ভৰি দুখন বেছিকৈ বিষাইছে যদি বহি দে তাত ৷” ফুটপাথৰ কাষৰ অস্থায়ী চাহৰ দোকানখনৰ আগত পাৰি থোৱা কাঠৰ বেঞ্চখনলৈ আঙুলিয়াই দিলে সি ৷ “তোকনো কিহে পায় কচোন এনেকৈ ইফাল সিফাল দৌৰি থাকিবলৈ ? কামবোৰ লাহে ধীৰে কৰিলেওতো হয় ৷ ডাক্তৰে কি কৈছে কিয় পাহৰি যাৱ !” – চিন্তাবোৰ, খংবোৰ, ভালপোৱাবোৰ কেনেকৈ যে মিহলি হৈ ওলাই আহিল ! একো উত্তৰ বিচাৰি নাপাই ,মনে মনে তাৰ হাতখনত ধৰি থিয় হৈ থাকিল ৷
অফিচৰপৰা ওলাওতে আনদিনাও দেৰি হয় যদিও আজি অলপ বেছিয়ে দেৰি হ’ল ৷ গ’ল্ফ লিংকৰ কাষতেই সিহঁতৰ অফিচ , শ্বিলং গ’ল্ফ লিংক ৷যদিও গুৱাহাটীত ডাঙৰ দীঘল হৈছে,চাকৰিৰ তাগিদাত দুয়ো বৰ্তমান শ্বিলঙৰ বাসিন্দা ৷ অৱশ্যে জিঞাৰ ইয়ালৈ অহা বৰ বেছিদিন হোৱা নাই ৷

প্ৰায় দহ বছৰ পাৰ হ’ল ৷ কলেজত প্ৰথম দেখা দেখি দুয়োৰে ৷ তাই আছিল তাৰ কোনোবা সম্পৰ্কীয় ভনীয়েকৰ সহপাঠী ৷ কেতিয়াৰপৰা ,কিয়, কেনেকৈ কোনেও নাজানে.,জিঞা তাৰ প্ৰথম প্ৰেম, কলেজীয়া কালৰ ৷ সি মাথো ভাল পাইছিল তাইক, তাইৰ অজ্ঞাতে ৷ তাইৰ চকুযুৰি, তাইৰ চুলিটাৰি, তাইৰ হাঁহিটোৱে মায়া সানিছিল তাৰ বুকুত ৷ “ৰক্তিম দা কি খবৰ” বুলি লগৰবোৰৰ সৈতে কেণ্টিনৰ চুকৰ টেবুলখনত চাহ খাই থকা ৰক্তিমলৈ চাই চিঞৰ এটা মাৰোতে তাই জানো দেখিছিল তাৰ পোহৰ হৈ উঠা চকুযোৰ ? ওহো, দেখা নাছিল !

“ছটা বিছ হ’ল ৷ কঁকালত হাত দুখন থৈ ওঁঠটো দাঁতেৰে সামান্য কামুৰি তাইৰ ফালে চালে ৷ কিছু চিন্তাৰ ভাৱ ৷ ছয় বজাৰ পাছত ইয়াত টেক্সি পোৱাটো বৰ সমস্যা ৷ তাতে আকৌ গ’ল্ফ লিংকৰপৰা বি. কে. বাজুৰিয়ালৈ যোৱা টেক্সি ! তাই লেবেজান হৈছে ৷ সি ধৰিব পাৰিছে কথাটো ৷ এতিয়াওতো সম্পূৰ্ণ  সুস্হ হৈ উঠা নাই তাই ৷ ৰৈ ৰৈ  শেষত তাই তাৰ গাত হাউলি দিলে ৷ এটা দীঘল হুমুনিয়াহ তাৰ বুকুত খুন্দা খাই উফৰি আহিল ৷ সি লাহে৷লাহে বাওঁহাতখন তাইৰ আউল লাগি থকা চুলিকোচাত  বুলাই দিলে ৷
“আহিছে ৰহ টেক্সি এখন ৷ ধৈৰ্য্য ধৰ ৷”
- “বি কে বাজুৰিয়া ?”
- “চ্ছাং চ্ছাং ৷”  ড্ৰাইভাৰজনে পাছৰ দুৱাৰখন খুলি বহিবলৈ ইংগিত দিলে ৷


(To be continued)