Finally at home ..& now, missing those last 5 days in Tezpur University like hell. এতিয়া সন্ধিয়া ৬ বাজিলে ঘৰত থাকিব নোৱৰা হ’লো ৷ হোষ্টেলীয়া হৈছিলো কেইটামান দিনৰ বাবে ৷ সদায় থাকি কেনেকুৱা লাগিব নাজানো, বহুতৰ মুখত শুনো university নহয় সেইখন jail ! আহিব সময়ত কিন্তু মোৰ চকুদুটা সেমেকিছিল ৷ লগৰ এজনীয়ে যিদিনা সুধিছিল “ yeti যাবি ? TU. ”…যোৱা কথা হয়তো দুবাৰ নাভাবিলো ৷ এবাৰতেই জাপ মাৰি ওলালো ৷ ..Tezpur, the city of romance !
হোষ্টেল ! পুৱা ৫ বজাতে উঠি বাথৰুমৰ বাবে শাৰী পতাৰ মজাই বেলেগ ৷ সেই পুৱাই শিলৰ দৰে ঠাণ্ডা পানী গাত ঢালি থৰ লাগিছিলো ৷ কেতিয়াও পুৱা উঠিব নোৱৰা ছোৱালীজনীয়ে যেতিয়া ঘৰত ফোন কৰি Morning Walk যোৱা বুলি কৈছিলো, ঘৰৰ মানুহবোৰ আচৰিত হোৱাটো নিত্যান্তই স্ৱভাৱিক ! দিনটো popular talk, workshop, poster ..ব্যস্ততাৰে ভৰা দিনবোৰ বুজা নুবুজাৰ মাজতেই পাৰ হ’ল ৷ কেতিয়াবা যদি workshop ৰ মাজত টোপনি আহিল, কেতিয়াবা topic বোৰ bouncer মাৰিলে, তাৰ মাজত বিস্কুটো চোবালো..ইয়াৰ মাজত যি বুজিলো note কৰিলো ৷
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhWR2OLvsyCo1NY8xtLO8sNNwTAlbz9APUlaetI-cspTVlIzYcBFCyQLwKrSBg9NTWkpRD59cBYwYkZh2vlxDdSjzjyl-nihvJkS7p5ZZFiqW_a42ojAt4_NmVc5FjF9I7Gn1XtqRnGqebj/s400/P_20170103_182858_NT.jpg)
সন্ধিয়াৰ লগে লগে কুঁৱলীয়ে ঢাকি অহা TU ৰ প্ৰেমত পৰিছিলো মই ৷ কুঁৱলীৰ মাজে সপোন সৰে ৷ ৰাস্তাৰ দুয়োকাষৰ ডাঙৰ ডাঙৰ গছবোৰৰ মাজে মাজে চকুৰে মণিব পৰালৈ মাথো হালধীয়া হেল’জেনৰ পোহৰ ৷ "মায়াবিনি ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি…” বৰকৈ গুণগুণাব মন গৈছিল ৷ কিয় জানো বাৰে বাৰে এটা প্ৰশ্নই আমনি কৰিছিল বৰষুণৰ দিনত TU বাৰু কেনে হয় (?) ভিজা মাটিৰ গোন্ধ, ভিজা ভিজা সেউজীয়াবোৰ হেল’জেনৰ হালধীয়াৰ লগত মিলি যোৱাৰ এক বুজাব নোৱৰা মাদকতা আছে ৷ Thanks to Sharanga ,for guiding us. সদায় সন্ধিয়া নিৰ্জন বাটবোৰত নিজক পাহৰি পেলোৱাৰ সুবিধা পাইছিলো ৷ বহুদিনৰ মূৰত হয়তো তৰাভৰা আকাশ এখন দেখিছিলো ৷ জয়াল বাটবোৰত artificial ভুতৰ experience ও হ’ল ৷ 😂 হাহা ..মোৰ সেই চিঞৰটোৰ কথা মনত পৰি এতিয়াও হাঁহি উঠে ৷ Never gonna forget the botanical garden. দুদিনৰ পিছতো সম্পূৰ্ণ চাব নোৱাৰিলো ৷ য’ত আনে দিনত যাবলৈ অলপ ভাবে আমি ওলাইছিলো ৰাতি ৮ বজাত ! পাত এটা পৰিলেও বুকুখন ধপধপাই যায় ! ..এতিয়া গুৱাহাটীৰ ব্যস্ততাৰ মাজত miss কৰিছো সেই মায়াবী সন্ধিয়াবোৰ ৷
Cafeteria ৰ চেনী নোহোৱা latte ৰপৰা আৰম্ভ কৰি canteen ৰ গৰম চাহ চিঙৰালৈ একো এৰা নাছিলো ৷ Cafeteria ৰ বাহিৰত বহি মৰা আড্ডাবোৰত নষ্টালজিক হৈ পৰিছিলো ৷ হাঁহিছিলো ৷ আজি সেই সন্ধিয়াৰ হাঁহিবোৰ নষ্টালজিয়া হৈ পৰিল ৷ সময়ে সময়ে হাতত coupon লৈ literally 'হোষ্টেলৰ খানা' খাইছিলো ৷ হোষ্টেলৰ room ত 40-50 জন এটা বান্ধোনত সোমাই পৰিলো ৷ দেশৰ ভিন ভিন ঠাইৰ পৰা অহা মানুহবোৰ সহজেই আপোন হৈ পৰিল ৷ ৰাতি 1 টাত ভুতৰ চিনেমা চোৱাৰ পৰা Karshita ৰ " কাটি দিম piece piece কে কাটি দিম৷" -সপোনৰ dialogue এক thriller experience এ আছিল 😜 . তাৰ মাজতে আকৌ মাজৰাতি লগা বিস্কুত কেকৰ ভোকবোৰতো আছেই ! শেষ ৰাতি হয়তো কাৰো শোৱা নহ’ল ৷ ভালদৰে চিনাকী হওঁ মানে উভতিবৰে হ’ল ৷ ৰাতি 2:30 টালৈ সকলোৱে গান লগাই পাগলৰ দৰে যিটো নাচোন দিলে সৰু সুৰা pajama party এটাই হ’ল ৷ ভয়ো লাগিল খেদেই নেকি এতিয়া ! ৰাতি পুৱাবৰ হ’ল কথা পাতি ৷ Time to say goodbye ! জীৱনৰ কোনটো চাৰিআলীত আকৌ লগ হ’ম নাজানো ! Looking forward to yeti2018 .
তিতা- মিঠাৰ মাজত 5টা দিন ৷ সোৱণশিৰি , পাটকাই, kbr ...নামবোৰ চিনাকী হৈ পৰিল ৷ Yeti 2017 ,had a great experience ! স্মৃতিবোৰ বুকুত সাৱটি উভতি আহিলো ৷ ... TU, you will be missed ! 💜
No comments:
Post a Comment