আবতৰীয়া বৰষুণজাকত ছাতি থাকিলেও তিতি ভাল পোৱা মানুহ মই ৷ সৌ পাহাৰখন দেখিছ ? তাত বগাই ভাল পাওঁ ৷ শ্বিলঙীয়া বাটবোৰৰ প্ৰেমিক মই ৷ তয়োতো এদিন ভাল পাইছিলি ৷ বৰষুণকলৈ কবিতাও লিখিছিলি ৷ আৰু সেই টোপালবোৰ এতিয়া wiper ডালেৰে লাহেকৈ মচি পেলাৱ ৷ শেৱালি ফুলা সন্ধিয়াবোৰত গুণগুণাইছিলি তোৰ প্ৰিয় গানবোৰ, এটাৰ পিছত এটাকৈ ৷ এতিয়া সেই সন্ধ্যাবোৰ laptop আৰু mobile screen ৰ কবলত। গীটাৰখনত আজিকালি সুৰ নাবাজে ৷ মাথো মকৰাই জাল বান্ধে ৷ এসময়ত তোৰ গানেৰে ভৰি থকা 8GB memory card আৰু এতিয়া 1TB hard disk ত মাথো project, presentation আৰু important files ! পাণবজাৰৰ সস্তীয়া দোকানত চিচাৰ গ্লাছত চাহ খাই ভাল পোৱা তই কেতিয়াৰপৰা CCD ৰ cappacino কাপত সোৱাদ বিচাৰি পোৱা হ’লি মই চোন গ’মেই নাপালো ৷ আজিকালি তোক হালধীয়া সোণাৰু অথবা নীলা আকাশখনৰ কথা কোৱা নুশুনো, শুনো যদি মাথো job, salary, promotion ৰ কথা ! …তই বাৰু সলনি হৈছ নেকি নে মই পাহৰি গৈছো সময়ৰ লগত নিজক সলনি কৰাবলৈ ? নে পাহৰি পেলাইছো 'reel' life আৰু 'real' life যে একে নহয় ৷
ভয় লাগে জান' , 'মই' নামৰ সত্ত্বাটোক কোনোবাখিনিত হেৰুৱাই পেলাওঁ বুলি !
ভয় লাগে জান' , 'মই' নামৰ সত্ত্বাটোক কোনোবাখিনিত হেৰুৱাই পেলাওঁ বুলি !
No comments:
Post a Comment