Sunday, 24 June 2018

বাটে-ঘাটে


  আজি বাছখন খালী ৷ আঙুলিৰ মুৰত গণিব পৰাকৈ মানুহ ৷ এনে খালী বাছ সাধাৰণতে গুৱাহাটীত পাবলৈ টান ৷ গৰমটোও কম পৰা নাই জানো ! জেঠ মাহৰ ভৰদুপৰীয়া ৷ ৰাস্তাত মানুহো কম ৷ দুপৰীয়াৰ ভাতকেইটা খাই সকলোৱে অলপ হ’লেও জিৰাইছে ৷ খিৰিকীৰ কাষৰ ছিটটোৰপৰা আতৰি আহিলো ৷ নোৱাৰি বহিব ৷ একেবাৰে দেই-পুৰি নিব খোজে ৷ বাৰে বাৰে চকু হাতৰ ঘড়ীটোৰ ফালে গৈছে ৷ এতিয়া বেংকটো বন্ধ নহ’লেই হ’ল আৰু ! হেডফোন ডালো জোঁট লাগি বেগৰ এচুকত পৰি থাকিল ৷ গান শুনিবও মন যোৱা নাই ৷
"চান্দমাৰি নামা আছে ? ওলাই আহক, ওলাই আহক ৷" বাছৰ পৰা নামিয়েই ৰে’ল লাইনৰ দিশে খোজ ল’লো ৷ আনদিনা খোজ দিব নোৱৰা ঠাই ডোখৰত আজি মানুহ নাইয়েই বুলি ক’ব পাৰি ৷ পাচলিবোৰ ঢাকি থৈ দোকানী হয় ভাত খাবলৈ গৈছে নহয় ছাঁত জিৰাইছে ৷ শাক-পাতবোৰ আধা লেৰেলিছেই ৷ ৰে’ল লাইনটো পাৰ হৈ সৰু মেজিক কেইখন ৰৈ থকা ষ্টেণ্ডটোলৈ প্ৰায় দৌৰি যোৱাদি গ’লো ৷ মানুহবোৰ যিদৰে মাখি পৰা দিছে মেজিকখনত , দৌৰি নগ’লে মন পছন্দৰ ছিট পোৱাটো মস্কিল ৷ কিন্তু নাই লাভ নহ’ল ৷ মাজৰ ছিটকেইটা ভৰ্তি হ’লেই ৷ সমুখৰ ছিটটো খালী ৷ কিন্তু কথাটো হ’ল আমি মানুহ দুজনী ৷ এজনীয়ে আনজনীৰ ফালে চাই ভাবি আছো বহিব কোন ! মনৰ ভিতৰতে মিউজিক চেয়াৰ চলি থাকিল ৷ তেনেতে ড্ৰাইভাৰজন পিছফালৰপৰা আহি প্ৰায় ধমকিৰ সুৰত ক’ল "কি ৰখি আছা ৷ নুঠা কিয় ? দুটা বহিব পাৰি তো ৷ গাদী এটা পাৰি দিছো না ৷" আমিও উপায়হীন হৈ ঠেলা-হেঁচাকৈ বহিলো ৷ ইফালে গৰমত উশাহ নোপোৱা অৱস্থা ৷ মাৰি থকা চাধাখিনি মুখত ভৰাই ড্ৰাইভাৰজন ছিটত বহিল ৷ দেখি অলপ ফ্ৰাচষ্ট্ৰেটেড হৈ থকা যেন লাগিল ৷ ৫০ মিটাৰ মান গৈছো নে নাই , "আজি জানা না পুলিচে ফাইন কৰি ৫০০টকা কাট্‌ছে ৷ মাথা-চাথা গৰম উঠি আছে ৷" আমি দুজনীয়ে ইজনী সিজনীৰ ফালে চালো ৷ হঠাৎ কি কয় ! মোৰ কাষত বহা গৰাকীয়ে সুধিলে "কিয় ? কি কৰিছিল আপুনি ?"
"এহ্‌ নক’ব হে ৷ ফোন এটা কৰিছিলো ৷ সিও বেটা তেতিয়াই দেখা পাবা লাগে না !" ড্ৰাইভাৰজনৰ কথাৰ সুৰ শুনি হঠাৎ মোৰ হাঁহিটো ওলাই আহিল ৷ "কিয় হাঁহিছা ?" মই অলপ অপ্ৰস্তুত হ’লো ৷ এই হাঁহিটোও যে নহয় , অসময়ত ওলাই আহে ৷ ধেৎ ৷
"আমিনো দিনটোত কিমান পাওঁ ! তাতে যদি টকা এটা এন্‌কে ওলে যায়, দুখ লাগে দেচোন ৷ এই পুলিচকেটা পইচা খাবা আমাৰ দৰে মানুহহে পায় ৷" কথাখিনি শুনি বেয়া লাগিল অলপ ৷ "আপুনিনো গাড়ী চলাই থাকোতে কিয় ফোনটো কৰিছিল !" ক’লো যদিও কৈ উঠি ভয় লাগিল ৷ এতিয়া মই গালিটো নাখালেই হ’ল আৰু ! তেওঁ অলপ হাঁহিলে ৷ "কি নো ক’ম ! ফাইন ভৰি উঠি ঘৈণীটোকে গালি দিলো ফোন কৰি ৷" পিছফালে বহা এজনে আচৰিত হৈ সুধিলে, "কিয় ?"
"তাই মোক বাৰে বাৰে মিছ কল দিয়াৰ কাৰণে হে ফোনটো কৰ্‌ছিলো ৷ পুলিচটোয়ো তেতিয়াই দেখ্‌বা লাগে না ৷ পাছত তাইক ফোন কৰি বদ্য গালি কিয় বাৰে বাৰে ফোন কৰি আছিলি বুলি ৷" তেওঁৰ চকু দুটা সেমেকিছিল যদিও দেখা নাছিলো আমি ৷ "তায়ো বেচেৰি মই ভাত খাইছো না নাই সুধ্‌বা কাৰণে ফোন কৰি আছিল ৷ ইমান চিন্তা তাইৰ মই লঘোণে থাকিম বুলি ৷" অলপ হাঁহিলে ৷ মোৰ শুনি ভাল লাগি গ’ল মনটো ৷ আস্‌ ! এই ভালপোৱাবোৰ যে ! ৰাস্তাটোত ৰিক্সা এখনে যান-জোঁট লগাইছে ৷ হৰ্ণটো দুবাৰমান বজাই আকৌ কৈ গ’ল ৷ "যিহ’লিও ভাল পাই বিয়া হৈছিল না ৷ মৰমটো থাকে দেচোন ৷" আমি হাঁহি দিলো ৷
 "গুৱাহাটীত গাড়ী চল’বা বহুত বছৰ হ’ল ৷ ড্ৰাইভৰী কৰি থাকোতেই বিয়া পাতা ৷" মোৰ কাষত বহা গৰাকীয়ে সুধিলে, "আপোনাৰ ঘৰ ক’ত ?"
মোৰ মুকালমুৱা ৷ তাইৰ কিন্তু এতেই ঘৰ ৷ ৰূপনগৰত । বড়ো ছোৱালী ৷ অ’ বিৰাট ভাল কিন্তু ৷"
"দাদা ৰখাব ৷" - পাছফালৰপৰা এজন নামিল ৷ দুটা ষ্টপেজ পিছত আমিও নামিব হ’ব ৷ তেওঁ কৈ গ’ল ৷ "তাই পঢ়া শুনাটো ভাল ৷ অ’ কটনৰপৰা বি. এ. পাছ তাই ৷ মোৰ লগত যে আছে তাই , সেয়ে বহুত ৷" বুলি কৈ ডাঙৰকৈ হাঁহি দিলে ৷ বহি থকা কোনোৱে একো নক’লে যদিও সকলোৰে মুখত হাঁহিৰ এটা ঢৌ খেলি গ’ল ৷ আজি কিয় জানো বাটটো ইমান ওচৰ ওচৰ লাগিছে ৷ কাহিনীটো আৰম্ভ হৈছিলহে মাথো ! নামিব হ’লেই ৷ চেহ্‌ কাহিনীবোৰ এনেকৈ আধৰুৱাকৈ এৰি আহিব বৰ বেয়া পাওঁ ৷

"তুমিটো জানাই
এই কবিৰ আৰু একো নাই ৷
এটাই মাথোঁ কামিজ
তাৰো ছিগো ছিগো চিলাই
প্ৰেম নিশ্চয় এনেকুৱাই
আবৰণ খুলি হৃদয় জুৰায় ৷"
   কিয় জানো হীৰুদাৰ কবিতাটোৱে বাৰে বাৰে খুন্দিয়াই থাকিল ৷






No comments:

Post a Comment