কথাটো কেতিয়াও এনেকুৱা নাছিল যে তাইক দেখিলে বতাহজাক বেছিকৈ বাউলী হৈছিল অথবা কাণৰ কাষত ভায়লিন বাজিছিল ৷ কলেজৰ প্ৰথম দিনটো সৌ সিদিনাৰ দিন যেনেই লাগে আজিও ৷ আউল লগা চুলিকোচা কোনোমতে সামৰি প্ৰথম বেঞ্চখনতেই ধপককৈ বহিছিল তাই ৷ তেলৰ পৰশ নোপোৱা চুলিকো্চা ৰঙচুৱা হৈ গৈছে ৷ দূৰৰপৰা দেখিলে অলপ বিকৃতি থকা যেনেই লাগে ৷ উপন্যাসৰ পাত লুটিয়াই অকলে হাঁহে ৷ কেতিয়াবা উচুপেও ৷ এবাৰ কথা আৰম্ভ হ’লে দিনযোৰা কাৰ্যসূচী চলাটো খাটাং ৷ নাই , গোলাপ তাই ভাল নাপায় ৷ সূৰ্যমুখীৰ দৰে মূৰ তুলি চোৱা মানুহ তাই। তাইৰ নিস্তেজ ওঁঠযুৰিয়ে বুজি নাপায় wine red আৰু ruby red ৰ পাৰ্থক্য ৷ গোলপীয়া ৰংটোও তাইৰ বাবে এলাৰ্জি ৷ আহিয়েই ৰুমৰ খিৰিকীখন খুলি দিয়ে তাই ৷ আকাশৰ নীলাবোৰ যে তাইৰ আপোন ! আকাশৰ নীলাখিনিক পাহাৰৰ সেউজীয়াৰ সৈতে মিহলাব পৰা হ’লে কৃষ্ণচূড়াৰ কিছু ৰঙা বুটলি জীৱনৰ কেনভাছত ছটিয়াই দিলেহেঁতেন ! ৰংবোৰ বিচাৰি ফুৰে তাই ৷ সিদিনা পিঠিত বেগটো লৈ পাহাৰখন বগাইছিল ৷ বৈ অহা ঘামবোৰ বাৰে বাৰি মচি পেলাইছিল । আৰু হাঁহিটোৱে ভাগৰবোৰ ঢাকি পেলাইছিল, নিখুঁতভাৱে ৷ “আহ , মোৰ হাতত ধৰ ভাগৰ ধৰিছে যদি ৷” হাঁহি হাঁহি অতৰাই দিছিল মোৰ হাতখন ৷ “মই পাৰিম ৷” মুক্তমনে পাৰ কৰা কুৰিটা বসন্তৰ শেষত জানো মোৰ দৰে কাৰোবাৰ প্ৰয়োজন বোধ কৰে তাই ? নকৰে ৷ মাথো এখন আকাশ বিচাৰে উৰিব পৰাকৈ ৷ চিলাৰ দৰে নহয়, চৰাইৰ দৰে ৷ বান্ধোন যে তাই বেয়া পায় ! জুইকুৰাৰ পোহৰতকৈও বেছি ৰঙা আছিল সিদিনা সন্ধিয়াৰ হাঁহিটো ৷ কিয় জানো মাজে মাজে তাইক পাহাৰীয়া নৈখনৰ দৰে লাগে ! ক’ৰবাত প্ৰচণ্ড সোঁত, ক’ৰবাত শান্ত, কোনোবাখিনিত আকৌ বুজিব নোৱৰা চাকনৈয়া ৷ মস্কিল !
সিদিনা উভতিবৰ পৰত বাছত মোৰ সমুখৰ ছিটটোতেই বহিছিল তাই ৷ তাইৰ বেসুৰা গানৰ তালে তালে কাণফুলি পাত ডুলিছিল ৷ বাৰে বাৰে ৷ ডুলি ডুলি পৰা যোৱাহেঁতেন হিন্দী চিনেমাৰ দৰে উঠাই জেপত সুমুৱাই থ’লো হয় ৷ তাই নজনাকৈ ৷ পাছত হয়তো প্ৰেমপত্ৰৰ সৈতে গাঁঠি দিলোহেঁতেন কাণফুলিপাত ৷ কিন্তু আফ্চোচ্ ! নপৰিল ৷ “ঝুমকা গিৰা ৰে...” গানটো মনৰ মাজতে দুবাৰমান বাজি ৰিল ফচা পুৰণি কেছেটৰ দৰে বন্ধ হৈ গ’ল ৷
আৰু কিছু অহেতুক অনুভূতি , কিছু অহেতুক মাদকতা (!)

No comments:
Post a Comment