Friday, 20 January 2017

আঁৰে আঁৰে part # 2 (An arranged love tale of 80's)

(based on a true story)

     বিয়া এদিন তো কৰাবই লাগিব ৷ কিন্তু এতিয়া নহয় ৷ তাৰ আগতো বহুত দায়িত্ব আছে ৷ নিজাকৈ এটা ঘৰ আৰু কিছু আধৰুৱা সপোন ৷ জীৱনটোক সি practically চাব শিকিছিল ৷ চাকৰি কৰা ছোৱালীহে বিয়া কৰাব ইচ্ছা তাৰ ৷ কাৰণ সি ভালকৈ বুজি পায় গুৱাহাটীৰ দৰে ঠাই এখনত ল’ৰা ছোৱালী ডাঙৰ কৰি এটা sound life জীয়াবলৈ হয়তো এজনৰ উপাৰ্জন যথেষ্ট নহ’ব। পাৰিব চলিব ৷ কিন্তু হয়তো বহু ক্ষেত্ৰত ত্যাগ কৰিব লগা হ’ব  ৷
    কলেজত পঢ়ি থকা সময়ৰ কথা ৷ গোটেই কলেজত সমীৰণ famous আছিল ৷ যিকোনো অনুষ্ঠানত তাৰ গান নহ’লে নহৈছিলেই ৷ "শাৰদী ৰাণী তোমাৰ হেনো নাম…তুমি মোৰ নিচেই আপোন…সদ্যস্নাতা ৰূপহী মোৰ…পুঁৱতি নিশাৰ সপোন…" - সি মাইক হাতত লোৱাৰ লগে লগেই কিমান ছোৱালী তাৰ গানৰ প্ৰেমত পৰে হিচাব নাই ৷ মাতটোৰ দৰে সিও তো handsome আছিল ৷ তাৰ প্ৰেমত পৰা নাছিল বুলি ক’ব পাৰি জানো ! সিহঁতৰ অঞ্চলত দৌৰত তাক হৰুৱাব পৰাকৈ হয়তো আৰু বেলেগ কোনো নাছিল ৷
     বিয়াৰ বয়স হ’লেতো আৰু আলহীও খালি হাতেৰে নাহে ৷ লগত কোনোবা ভাল ল’ৰা বা ছোৱালীৰ খবৰ লৈ হে আহিব ! সমীৰণে এদিন অফিচৰপৰা আহি দেখে কোনোবা আহিছে ৷ বৰ্মন খুৰা ৷ দেউতাকৰ পুৰণা বন্ধু ৷ নিশ্চয়কৈ কোনোবা ছোৱালীৰ খবৰ লৈয়েই আহিছিল ! কাঠৰ চকীখনত বহি তেওঁ চাহৰ কাপত সোহা মাৰিছে ৷ “ খুৰাৰে তোৰ কাৰণে ছোৱালী এজনীৰ কথা কৈছে ৷ চৰকাৰী চাকৰি কৰে ৷ হেমা ৷ কালি পৰহি মানে গৈ খুৰাৰৰ লগতে এবাৰ চাই আহিবি নহ’লে ৷” - মানুহজন থকা বাবে সি মাকক 'নাযাওঁ' বুলি ক’ব নোৱাৰিলে ৷ চাহ শেষ কৰি এইবাৰ বৰ্মন খুৰাই মাত দিলে ৷ “ ওলাবা হে ৷ চাই আহিম দিয়া দুয়ো যায় ৷ মোৰেই বন্ধুৰ ছোৱালী ৷ এবাৰ লগ পাইছো ৷ ভাল ৷ চাই লোৱা চোন ৷ বাকী পাছত দেখা যাব দিয়া ৷” …সমীৰণে মাথো হাঁহি এটা মাৰিলে - “ এইবাৰ মানে উপায় নাই আৰু !”
(to be continued )


আঁৰে আঁৰে part # 1 (An arranged love tale of 80's)

(based on a true story)
Here's a story of 80's . When I'm not able to find a plot from my imagination for my new story, there I've a big fat family for my 2nd option :D ...য’ত মবাইল Whatsapp social media ৰ virtual পৃথিৱীখনৰ পৰিৱৰ্তে আছিল নীলা খামৰ চিঠিৰ এখন অকৃত্ৰিম পৃথিৱী…
(tried to focus on 80's songs)

  ᪅ সুুৰাত মগন ভয়াল ৰাতি
  ᪅ মৌন কোলাহল
    মই যে এক ৰ’দৰ বিলাস
    শব্দৰ সমদল…”
  ৮০ ৰ দশক ৷ জুইয়ে পোৰা ৮৩ ৰ পাছৰ কথা ৷ লাহে লাহে জুই বোৰ নুমাইছিল ৷ স্বাভাৱিক জীৱন এটালৈ ঘূৰি আহিছিল সকলো ৷ " দিনৰ পোহৰ ৰংচঙীয়া…ভাল মানুহৰ খং…ৰাতিৰ আন্ধাৰ গমগমীয়া…চোৰ মাতালৰ ৰং…" - ৰেডিঅ’টো কাণৰ কাষত লৈ সমীৰণে বিচনাত বাগৰ দিছে ৷ টোপনি অহা নাই ৷ ৰেডিঅ’টোত মাজে মাজে গানবোৰ হঠাৎ নবজা হৈ যায়, খেৰখেৰাব ধৰে ৷ চেণ্টাৰটো অকমাণ অগা-পিছা কৰি দিলে আকৌ বাজিব ধৰে ৷ তেতিয়া ১০ বাজি যোৱা মানেই বহুত ৰাতি ৷ ৰাস্তাৰে কোনোবাই চেণ্ডেলযোৰ চোঁচৰাই খোজ দিছে ৷ তাৰ চিঞৰবোৰ শুনিলেই গ’ম পায় ডিঙিলৈ এসোপা গিলি আহিছে ৷ মাজে মাজে কুকুৰকেইটাই ভুকিছে ৷ সমীৰণৰ কাষৰ বিচনাখনত মাক শুই আছে ৷ মাজে মাজে গৰমত বিচনী ঘূৰাইছে ৷ মাজে মাজে আকৌ বাগৰ সলাইছে ৷ সমীৰণে তাৰ বিচনাৰ কাষৰ খিৰিকিখন খুলি দিলে ৷ এজাক ঠাণ্ডা বতাহে চুই গ’ল ৷
      প্ৰায় ছমাহ আগত চাকৰিসূত্ৰে গুৱাহাটীলৈ আহিছে ৷ লগত মাককো লৈ আনিছে ৷ শৰণীয়া পাহাৰৰ কাষত সৰু ঘৰ এটা ভাড়ালৈ লৈছে ৷ তেতিয়াৰ গুৱাহাটীত মানুহৰ সংখ্যা কম ৷ গাড়ী বুলিবলৈ নাক থকা বাছবোৰেই বেছি ৷ সৰহভাগেই অসম আৰ্হিৰ ঘৰ ৷ …সমীৰণৰ বিয়াৰ বয়সো নোহোৱা নহয় ৷ মাকে সুবিধা পালেই বিয়াৰ কথা উলিয়ায় ৷ সি কিবা কিবি কৈ তল পেলায়। আজিকালি আকৌ মাকৰ এটা নতুন সন্দেহ, “ তই ৰাতি ৰাতি খিৰকিৰ কাষত কাৰ লগত কথা পাতি থাকা এ ?” …তেতিয়াতো আজিৰ দৰে মবাইল whatsapp এইবোৰো নাছিল ! সি ৰাতি সদায় ৰেডিঅ’ত গান শুনিছিল আৰু মাকে ভাবিছিল কাৰোবাৰ লগত খিৰিকিৰ ফাঁকেৰে কথা পাতে ! সমীৰণে মুৰে কপালে হাত দি ভাৱে “উফ ! এতিয়া কি কৰো ! গানেই কাল হ’ব যেন পাইছো মোৰ !”
(to be continued )


Wednesday, 11 January 2017

An Open Letter to A Cup of Warmth : Coffee ☕

(Dedicated to coffee lovers)

Dear Coffee, ☕
    You are a language itself. Whenever I feel low you're always there for me waiting over a big mug. You're a way of stealing time. Time flies with a sip of warmth. Whenever I have to do a lot of stuff & I'm not in shape, you give me the illusion that I might be awake.
    It was smelling autumn. He was around me. Every sip of you gave him a white mustache & he slipped right into my heart. Love in the air &, it smiles like coffee ! Remember that smokey wintery night ? Aaghh ..A nightmare it was. Blurred vision of his reverse steps made me shed tears. The whisper of crisp wind almost killed me . You're the only one who clasped all those tear drops in your arms. Sleepless nights passed trying to move on & you're there smiling at me "yes ! You can do it !"
   I still remember those exam nights. Testophobia grabbed me. Only you kept me awake when I was a little depressed, one after another cup. Being workaholic refers to sleepless nights. While laptop screen grabbed my attention, you distracted me to the number of sugar cubes. Those were the days when my coffee needed another black coffee. Before, I was a mess & after I was a wide awaken mess.
   What's rainy day without some brown bean flavoured loneliness ! Silvery threads of water brings a muse, holding no appointment. A muse to grab life in a hot mug. Mild flow of raindrops adhering to the glass window, with a smokey cup of warmth has a pleasantness like poetry. Waking up to a mug full of hot brown bean fades the mellow morning & drizzles of night. Rain ,books & coffee , a perfect combo for a bibliophile. When I was going through the memory lane amidst the fairy lights ,you accompanied me with warm sips.
    Cozy evenings of a November rain. Like a fairy tale ! Oh please ! Fairy tales are not real. Have a cup of magic beans & it will bring you back to life . An old friend, warmth of brown beans & nostalgia .. Isn't it A perfect blend ? Never ending gossips. It's like capturing happiness in a mug with a liquid hug !

    A letter from a Coffee fanatic. Thanks for being there for me... COFFEE ..Love you ! 💜

PS : Imagined storyline.


Tuesday, 10 January 2017

তেজপুৰ বিশ্ববিদ্যালয় : অনুভৱী দলিচা (yeti2017)


   Finally at home ..& now, missing those last 5 days in Tezpur University like hell. এতিয়া সন্ধিয়া ৬ বাজিলে ঘৰত থাকিব নোৱৰা হ’লো ৷ হোষ্টেলীয়া হৈছিলো কেইটামান দিনৰ বাবে ৷ সদায় থাকি কেনেকুৱা লাগিব নাজানো, বহুতৰ মুখত শুনো university নহয় সেইখন jail ! আহিব সময়ত কিন্তু মোৰ চকুদুটা  সেমেকিছিল ৷ লগৰ এজনীয়ে যিদিনা সুধিছিল “ yeti যাবি ? TU. ”…যোৱা কথা হয়তো দুবাৰ নাভাবিলো ৷ এবাৰতেই জাপ মাৰি ওলালো ৷ ..Tezpur, the city of romance !
   হোষ্টেল ! পুৱা ৫ বজাতে উঠি বাথৰুমৰ বাবে শাৰী পতাৰ মজাই বেলেগ ৷ সেই পুৱাই শিলৰ দৰে ঠাণ্ডা পানী গাত ঢালি থৰ লাগিছিলো ৷ কেতিয়াও পুৱা উঠিব নোৱৰা ছোৱালীজনীয়ে যেতিয়া ঘৰত ফোন কৰি Morning Walk যোৱা বুলি কৈছিলো, ঘৰৰ মানুহবোৰ আচৰিত হোৱাটো নিত্যান্তই স্ৱভাৱিক ! দিনটো popular talk, workshop, poster ..ব্যস্ততাৰে ভৰা দিনবোৰ বুজা নুবুজাৰ মাজতেই পাৰ হ’ল ৷ কেতিয়াবা যদি workshop ৰ মাজত টোপনি আহিল, কেতিয়াবা topic বোৰ bouncer মাৰিলে, তাৰ মাজত বিস্কুটো চোবালো..ইয়াৰ মাজত যি বুজিলো note কৰিলো ৷

                
   সন্ধিয়াৰ লগে লগে কুঁৱলীয়ে ঢাকি অহা TU ৰ প্ৰেমত পৰিছিলো মই ৷ কুঁৱলীৰ মাজে সপোন সৰে ৷ ৰাস্তাৰ দুয়োকাষৰ ডাঙৰ ডাঙৰ গছবোৰৰ মাজে মাজে চকুৰে মণিব পৰালৈ মাথো হালধীয়া হেল’জেনৰ পোহৰ ৷ "মায়াবিনি ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি…” বৰকৈ গুণগুণাব মন গৈছিল ৷ কিয় জানো বাৰে বাৰে এটা প্ৰশ্নই আমনি কৰিছিল বৰষুণৰ দিনত TU বাৰু কেনে হয় (?) ভিজা মাটিৰ গোন্ধ, ভিজা ভিজা সেউজীয়াবোৰ হেল’জেনৰ হালধীয়াৰ লগত মিলি যোৱাৰ এক বুজাব নোৱৰা মাদকতা আছে ৷ Thanks to Sharanga ,for guiding us. সদায় সন্ধিয়া নিৰ্জন বাটবোৰত নিজক পাহৰি পেলোৱাৰ সুবিধা পাইছিলো ৷ বহুদিনৰ মূৰত হয়তো তৰাভৰা আকাশ এখন দেখিছিলো ৷ জয়াল বাটবোৰত artificial ভুতৰ experience ও হ’ল ৷ 😂 হাহা ..মোৰ সেই চিঞৰটোৰ কথা মনত পৰি এতিয়াও হাঁহি উঠে ৷ Never gonna forget the botanical garden. দুদিনৰ পিছতো সম্পূৰ্ণ চাব নোৱাৰিলো ৷ য’ত আনে দিনত যাবলৈ অলপ ভাবে আমি ওলাইছিলো ৰাতি ৮ বজাত ! পাত এটা পৰিলেও বুকুখন ধপধপাই যায় ! ..এতিয়া গুৱাহাটীৰ ব্যস্ততাৰ মাজত miss কৰিছো সেই মায়াবী সন্ধিয়াবোৰ ৷
   Cafeteria ৰ চেনী নোহোৱা latte ৰপৰা আৰম্ভ কৰি canteen ৰ গৰম চাহ চিঙৰালৈ একো এৰা নাছিলো ৷ Cafeteria ৰ বাহিৰত বহি মৰা আড্ডাবোৰত নষ্টালজিক হৈ পৰিছিলো ৷ হাঁহিছিলো ৷ আজি সেই সন্ধিয়াৰ হাঁহিবোৰ নষ্টালজিয়া হৈ পৰিল ৷ সময়ে সময়ে হাতত coupon লৈ literally 'হোষ্টেলৰ খানা' খাইছিলো ৷ হোষ্টেলৰ room ত 40-50 জন এটা বান্ধোনত সোমাই পৰিলো ৷ দেশৰ ভিন ভিন ঠাইৰ পৰা অহা মানুহবোৰ সহজেই আপোন হৈ পৰিল ৷ ৰাতি 1 টাত ভুতৰ চিনেমা চোৱাৰ পৰা Karshita ৰ " কাটি দিম piece piece কে কাটি দিম৷" -সপোনৰ dialogue এক thriller experience এ আছিল 😜 . তাৰ মাজতে আকৌ মাজৰাতি লগা বিস্কুত কেকৰ ভোকবোৰতো আছেই ! শেষ ৰাতি হয়তো কাৰো শোৱা নহ’ল ৷ ভালদৰে চিনাকী হওঁ মানে উভতিবৰে হ’ল ৷ ৰাতি 2:30 টালৈ সকলোৱে গান লগাই পাগলৰ দৰে যিটো নাচোন দিলে সৰু সুৰা pajama party এটাই হ’ল ৷  ভয়ো লাগিল খেদেই নেকি এতিয়া ! ৰাতি পুৱাবৰ হ’ল কথা পাতি ৷ Time to say goodbye ! জীৱনৰ কোনটো চাৰিআলীত আকৌ লগ হ’ম নাজানো ! Looking forward to yeti2018 .
   তিতা- মিঠাৰ মাজত 5টা দিন ৷ সোৱণশিৰি , পাটকাই, kbr ...নামবোৰ চিনাকী হৈ পৰিল ৷ Yeti 2017 ,had a great experience ! স্মৃতিবোৰ বুকুত সাৱটি উভতি আহিলো ৷ ... TU, you will be missed ! 💜





Reality !

আবতৰীয়া বৰষুণজাকত ছাতি থাকিলেও তিতি ভাল পোৱা মানুহ মই ৷ সৌ পাহাৰখন দেখিছ ? তাত বগাই ভাল পাওঁ ৷ শ্বিলঙীয়া বাটবোৰৰ প্ৰেমিক মই ৷ তয়োতো এদিন ভাল পাইছিলি ৷ বৰষুণকলৈ কবিতাও লিখিছিলি ৷ আৰু সেই টোপালবোৰ এতিয়া wiper ডালেৰে লাহেকৈ মচি পেলাৱ ৷ শেৱালি ফুলা সন্ধিয়াবোৰত গুণগুণাইছিলি তোৰ প্ৰিয় গানবোৰ, এটাৰ পিছত এটাকৈ ৷ এতিয়া সেই সন্ধ্যাবোৰ laptop আৰু mobile screen ৰ কবলত। গীটাৰখনত আজিকালি সুৰ নাবাজে ৷ মাথো মকৰাই জাল বান্ধে ৷ এসময়ত তোৰ গানেৰে ভৰি থকা 8GB memory card আৰু এতিয়া 1TB hard disk ত মাথো project, presentation আৰু important files ! পাণবজাৰৰ সস্তীয়া দোকানত চিচাৰ গ্লাছত চাহ খাই ভাল পোৱা তই কেতিয়াৰপৰা CCD ৰ cappacino কাপত সোৱাদ বিচাৰি পোৱা হ’লি মই চোন গ’মেই নাপালো ৷ আজিকালি তোক হালধীয়া সোণাৰু অথবা নীলা আকাশখনৰ কথা কোৱা নুশুনো, শুনো যদি মাথো job, salary, promotion ৰ কথা ! …তই বাৰু সলনি হৈছ নেকি নে মই পাহৰি গৈছো সময়ৰ লগত নিজক সলনি কৰাবলৈ ? নে পাহৰি পেলাইছো 'reel' life আৰু 'real' life যে একে নহয় ৷
   ভয় লাগে জান' , 'মই' নামৰ সত্ত্বাটোক কোনোবাখিনিত হেৰুৱাই পেলাওঁ বুলি !