wrote it months back ,on one of my friend's request, actually on her demand to create a story focusing on a male character which matches wid her choices, her imagination ..a person she wants as a partner, an understanding one :D ..& I just made a try ..I think it became a cheesy romantic typ !! :D
ফাগুনৰ আকাশত মদাৰে জ্বলোৱা জুই নুমাবলৈয়েতো নামি আহে বৰষুণৰ জাক ৷ আগজাননী দি যায় ব'হাগৰ আগমণৰ ৷ কালি গধূলিও আহিছিল এজাক বৰষুণ ৷ লগত আহিছিল ধুমুহা ৷ বৰষুণত নাচি ভাল পাওঁ, কিন্তু কিয় জানো ধুমুহা মোৰ ভয় লাগে ৷ এনে লাগে যেন সকলো ভাঙি চুৰমাৰ কৰি দিব মূহৰ্তৰ ভিতৰত ৷ এনে বতৰত অকলে বেল্কনিত বহি কিছু সময় নিজৰ লগত পাৰ কৰি ভাল পাওঁ ৷ বেল্কনিৰ লাইটটো নুমুৱাই দিলো ৷ তলত ব্যস্ত ৰাজপথ ৷ বতাহ বৰষুণেও স্তব্ধ কৰিব পৰা নাই ৷ গাড়ীৰ হেডলাইটৰ পোহৰত ধৰিব পাৰি বৰষুণৰ দীঘলীয়া টোপালবোৰ ৷ প্ৰতিটো টোপালেই যেন অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে সোনকালে মাটি স্পৰ্শ কৰাৰ ৷ ষ্ট্ৰীট লাইটৰ হালধীয়া পোহৰবোৰ যেন পথৰ দাঁতিত জমা হোৱা পানীৰ লগত মিহলি হৈ গৈছে ৷ বহুত সময় মই বেল্কনিৰ সৰু ঝুলনাখনত বহি থাকিলো ৷ বৰষুণজাকে যেন গধূলিটো মায়াময় কৰি তুলিলে ৷ … টিং টং … “ নিবিড় আহিল চাগে ”… মই দৌৰি গৈ দুৱাৰখন খুলি দিলো ৷ বৰষুণত আধা তিতিছেই ৷ বোকা লগা জোতযোৰ পিন্ধিয়েই সি সোমাই আহিব খুজিছিল ৷ … “ এই জোতা খোলা ৷ গোটেই ঘৰ লেতেৰা হ'ব ৷” …নিবিড়ে অকমাণ জিভাখন উলিয়াই হাঁহি এটা মাৰি জোতা খোলাত লাগিল ৷ এনেবোৰ কথাত তাৰ ওপৰত কেতিয়াবা খং উঠিলেও পিছ মূহুৰ্ততে তাৰ হাঁহিটো দেখি পমি যাওঁ ! মই ভিতৰৰপৰা টাৱেলখন আনি দেখো ভিজা কাপোৰেৰে সৈতে আহি চোফাখনতে বাগৰি দিছে ৷ উফ্ ! কি যে সৰু ল'ৰাৰ নিচিনা কামবোৰ কৰি থাকে !
নিবিড়ে মূৰটো মচি মচি ক'লে, “ official tour এটাত যাব লাগিব আকৌ ৷ ”… “ ক'ত যাবা ? কালিয়ে যাবাগৈ নেকি ?” গোটেই সপ্তাহটো দুয়োজনেই নিজৰ কামত ব্যস্ত ৷ আহি গধুলিটো ভাগৰ পলাওতেই যায় সদায় , weekend টোৱেই পাওঁ, তাতেও আকৌ tour ! খং উঠে কেতিয়াবা ৷ …“ ক'ত হ'ব আৰু, আকৌ শ্বিলং ৷ কালি নহয়, পৰহিহে যাম, সোমবাৰে ৷” … মই চাহ বনাবলৈ গ'লো ৷ শ্বিলং বুলি ক'লেই কিয় জানো মই দুৰ্বল হৈ যাওঁ ! বহুত ঠাইয়েই ফুৰিছো, কিন্তু শ্বিলঙৰ এক সুকীয়া মাদকতা আছে ৷ নাজানো কিয় শ্বিলঙৰ অকোৱা-পকোৱা বাটবোৰে মোক সাহস দিয়ে, নতুন উৎসাহ দিয়ে ৷ নিবিড়ে কোৱাৰ লগে লগে মোৰো মন গ'ল নহয় যাবলৈ ! তাতে আকৌ বৰষুণ ৷ বৰষুণৰ বতৰত শ্বিলংখন কল্পনা কৰিয়ে ভাল লাগি গ'ল ৷ ময়ো যাব পৰা হ'লে ! নাই, মই যোৱাটো ঠিক নহ'ব ৷ সি নিজৰ কাম লৈ যাব ,মই যাম বুলি ক'লে নিনিও বুলিও নক'ব ৷ চাহ দুকাপ লৈ মই বেল্কনি পালোঁ ৷ নিবিড়ে ম'বাইলটো লৈ কিবা কৰি আছে ৷ মূৰটো নোতোলাকৈয়ে ক'লে , “ আমি কাইলৈয়ে যামগৈ ৷”…মোৰ খং উঠি গ'ল ৷ এতিয়া মানে দেওবাৰটোও মই ঘৰত সোমাই থাকিব লাগিব অকলে ! একো নক'লো আৰু ৷ …“ কি হ'ল, একো নক'লা যে ! শ্বিলং যাব পায়ো তোমাৰ হাঁহি নাই যে ?” …“ মই যাম তোমাৰ লগত ?” …স্ফূৰ্তি লাগিছিল যদিও emotion খিনি control কৰি ক'লো, “ মই গ'লে তোমাৰ দিগদাৰ নহ'ব জানো ৷ নাযাওঁ দিয়া মই ৷ ” ,…সি লগে লগে ক'লে ,“ এনে একেবাৰে নোযোৱা জনী ! একো দিগদাৰ নহয় ৷” …ভাল লাগিল , কিমান দিনৰ মূৰত এটা দিন ভালদৰে কটাবলৈ পাম ৷ কেতিয়া ৰাতিপুৱাই আৰু কেতিয়া যাব পাৰো চাহৰ কাপটো লৈ সেয়াই ভাবি থাকিলো ৷
( to be continued )
No comments:
Post a Comment