Wednesday, 21 December 2016

চিনাকী অচিনাকী part # 5


    মোৰ ভাল লাগিছিল ৷ সন্ধিয়াটো ভাল লাগিছিল, ভাল লাগিছিল তাৰ লগত খোজ কঢ়া সময়খিনি আৰু ভাল লাগিছিল সি লগোৱা deo ৰ গোন্ধটো ৷ নাজানো কেনেকৈ এবাৰ হঠাৎ মোৰ বাওঁভৰিখন মোচোকা খাই balance নোহোৱা হৈ ফুটপাথৰ পৰা ৰাষ্টাৰ ফালে হাউলি গ’লো। আহি থকা বাইকখনে খুব জোৰে ব্ৰেক মাৰি ৰখাই দিলে ৷ একে সময়তে নিবিড়ে একে টানে হাতত ধৰি ফুটপাথলৈ উঠাই আনিলে ৷ মূহুৰ্তৰ ভিতৰতে কি হ’ল মই একো ধৰিবই নোৱাৰিলো ৷ …“পাগল নেকি ,কেনেকৈ খোজ কাঢ়িছিলা ৷ পৰিলে কি হ’ল হয় এতিয়া ভাবি চাইছা ৷ মোক কি মাৰিব খুজিছা…” - বুলি কৈ সাৱটি ধৰিলে ৷ মই এৰাই আহিব নোৱাৰিলো ৷ মাথো কাণৰ কাষত অনুভৱ কৰিছিলো ঘনকৈ লোৱা উশাহৰ গৰম বতাহ ৷ সিদিনা প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলো, মোৰ বাবে কাৰোবাৰ পৃথিৱীখন এক মূহুৰ্তৰ বাবে হয়তো স্তব্ধ হৈ গৈছিল …!

    …“ কি হ’ল কি ভাবি আছা ?” - নিবিড়ৰ মাতত মই আকৌ অতীতৰপৰা ঘূৰি আহিলো ৷ বৰষুণটো অকমাণ জোৰত আহিল ৷ ডাঙৰ ডাঙৰ পানীৰ টোপালবোৰ মাটিত পৰি চিটিকি আহি jeans টো সেমেকাই দিছিল ৷ ভৰি দুখনত ঠাণ্ডা লাগিল ৷ এটি মায়াবী সন্ধিয়া ৷ বতাহজাক হঠাৎ জোৰত আহিল ৷ মই জেকেটৰ chain ডাল ভালকৈ মাৰি ল’লো ৷ নিবিড়ে মোৰ সোঁহাতখন ধৰি ল’লে ৷ তাৰ হাতখন আজিও খহটা ৷ আজিও মনত পেলাই দিয়ে সেই প্ৰথম দিনৰ কথা ৷ নিবিড়ে তাৰ প্ৰিয় গান এটা গুণগুণাবলৈ ধৰিলে … মায়াবিনি ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি… ৷ ময়ো তাৰ লগে লগে গুণগুণালো ৷ আজি যেন বতাহেও গান গাইছিল বৰষুণৰ সৈতে তাল মিলাই …!
( সমাপ্ত )
thank u ! need ur feedback :)
Hold on ! Hold on ! My personal comments on this story yet to come :D

চিনাকী অচিনাকী # part 4


    Trim কৰা ডাড়িখিনিৰে তাক আগত দেখাতকৈ বেলেগ লাগিছিল ৷ You can say handsome ! নম্বৰটো কি ক’লো সন্দেহ হৈ গ’ল ৷ আকৌ এবাৰ সুধি ল’ব লগা হ’ল ঠিকে আছেনে ৷

   …হঠাৎ গাড়ীখনে পাক এটা মাৰোতে মই চকু মেলি দিলো ৷ অতীতৰপৰা ঘূৰি আহিলো ৷ “ কি অ’ টোপনি আহিছিল নেকি ?” - নিবিড়ে সমুখলৈ চাই থাকিয়ে সুধিলে ৷ “ চাহ খাওঁ ব’লা ৷”…এটা ঠাইত গাড়ীখন ৰখাই দিলে ৷ এখন সৰু চাহৰ দোকান ৷ সাধাৰণতে বেছি গাড়ী নৰখে ইয়াত ৷ দুকাপ চাহ ল’লো ৷ ধোঁৱা ওলাই আছে ৷ নিবিড়ে গৈ পাছৰ ছিটৰপৰা guitar খন উলিয়াই আনিলে ৷ পথৰ দাঁতিৰ ডাঙৰ পাথৰ এটাত দুয়ো বহি ল’লো ৷ দিগন্তত লীন হৈ যোৱা সেউজীয়া পাহাৰবোৰ, মাথো সেউজীয়া ৷ মেঘবোৰ আহি মাজে মাজে একো নেদেখা কৰি দিয়ে ৷ পাছ মূহুৰ্তত আকৌ নোহোৱা হৈ যায় ৷ নিবিড়ৰ আঙুলিৰ পৰশত নিস্তৰংগ guitar ৰ string ত এটি সুৰ বাজি উঠিল ৷ বহুসময় এনেদৰে বহি থাকিলো ৷ আকৌ আগবাঢ়িলো অকোৱা-পকোৱা বাটেদি ৷

     বৰষুণৰ সেই ঘটনাটোৰ কেইদিনমান পিছত ভণ্টি আৰু মই big bazar লৈ গ’লো বিহুৰ কাপোৰ কিনো বুলি ৷ দীঘলীয়া লাইন দি pay কৰি অহাৰ পিছত এটা ধুনীয়া top চকুত পৰিল ৷ “ ধেৎতেৰি আগতে কিয় নেদেখিলো ৷ এতিয়া পইছাও নাই ইমান ৷”… তেনেতে দূৰৰ পৰা হাঁহি এটা মাৰি নিবিড় আহি ওলাল ৷ খবৰৰ লগতে দুই এটা কথা পাতিলো ৷ মোৰ ইফালে কাপোৰ ল’ব নাপাইহে দুখ ৷ কথা পাতি থকাৰ মাজতো সেইটোকে চাই থাকিলো ৷ কিছু সময় কথা পাতি এৰা -এৰি হ’লো আমি ৷

   সিদিনাৰ পাছত আণ্টিহঁতৰ লগত এটা ভাল সম্বন্ধ হৈছিল ৷ কিছুমান সম্পৰ্ক এনেদৰে নজনাকৈ , নভবাকৈ বেচ গভীৰ হৈ যায় ৷ বিহুত তেওলোকৰ ঘৰলৈ যাব বৰকৈ মাতিছিল ৷ বিহুৰ মাজতে এপাক মাৰিছিলো ৷ আণ্টিয়ে বিহুৰ উপহাৰ বুলি পেকেট এটা হাতত দিছিল ৷ ল’বলৈ আপত্তি কৰিছিলো যদিও তেওঁ নোলোৱালৈ নেৰিলে ৷

    মই ল’ব খোজা নাছিলো ৷ ইমান জোৰ কৰাৰ পিছত নল’লেও বেয়া দেখি ৷ “ চোৱাচোন কেনেকুৱা লাগিছে , বাবাক আনিব দিছিলো ৷” খুলি চাই মই অবাক ৷ সিদিনা টকা কম থকা বাবে এৰি থৈ অহা top টো ! ইয়াৰ পিছত আৰু ভাল নলগাৰ প্ৰশ্নই নুঠে ৷ ৰাতি এটা msg পাইছিলো …“ Liked the gift ? -Nibir” …& I started to blush ! Reply টো দিওঁতে মোৰ হাতখন কঁপিছিল ৷ আৰু সেয়াই হয়তো আৰম্ভণি আছিল ৷

     …দেওবাৰৰ শ্বিলংখনৰ পৰিৱেশেই বেলেগ হয় ৷ সকলোৱে ধুনীয়াকৈ সাজি-কাচি church লৈ যায় ৷ আজি আৰু বেছি ভাল লাগিছিল ৷ ৰং-বিৰঙী কাপোৰৰ লগতে এটা এটা মৰম লগা ৰঙীন ছাতি ৷ মোৰ দেখিয়ে ভাল লাগি গ’ল ৷ এটা এটা পখিলা যেন লাগিল ৷ হোটেলৰ বেল্কনিটোত ওলাই যোৱাৰ লগে লগে এছাটি ঠাণ্ডা বতাহে চুই গ’ল ৷ খেলি-মেলি কৰি যোৱা চুলিখিনি কোনোমতে হাতেৰে ঠিক কৰি বান্ধি ল’লো ৷ মেঘবোৰ অহা-যোৱা কৰি আছিল ,লগতে বৰষুণটোও ৷ গধূলি হাতত ছাতি লৈ ওলাই গ’লো দুয়ো ৷ নিজান বাটবোৰত আপোনজনৰ লগত খোজ কাঢ়ি ভাল পাওঁ মই ৷ লাহে লাহে এন্ধাৰ নামিছিল ৷ ৰাষ্টাত মানুহ নাই বুলিবই পাৰি ৷ গাড়ী-মটৰৰ ব্যস্ততাও কম ৷ দোকানবোৰ বন্ধ বাবে ৰাতি হোৱা যেনেই লাগিল ৷ ষ্ট্ৰীট লাইটবোৰ জ্বলি উঠিছিল ৷ হেল’জেনৰ হালধীয়া পোহৰবোৰ ভিজি থকা ৰাষ্টাটোত বিয়পি পৰিছিল ৷ গছৰ পাতৰ আগত লাগি থকা পানীৰ টোপালবোৰ সৰি পৰা টুপ টুপ শব্দ ৷

    কেইবছৰমান আগত এনে এটি সন্ধিয়াতে মই তোমাৰ লগত খোজ কাঢ়িছিলো ৷ সোণাৰু ফুলিছিল নে শেৱালি ফুলা বতৰ আছিল ঠিক মনত পৰা নাই ৷ CCD ৰপৰা ওলাই দীঘলী পুখুৰীৰ কাষৰ ফুটপাথেৰে খোজ খাঢ়িছিলো দুয়ো ৷ গুৱাহাটীৰ সদাব্যস্ত ৰাজপথ ৷ সন্ধিয়া নামিছিল ৷ চৰাইবোৰৰ চিঞৰ-বাখৰত যেন একো নুশুনি ৷ দুই চাৰিটা কথাৰ বাহিৰে  বিশেষ একো কথা নপতাকৈ দুয়ো আগবাঢ়িছিলো ৷
( to be continued )

চিনাকী অচিনাকী part # 3


    তেতিয়া মই কলেজত ডিগ্ৰী পঢ়ি আছো ৷ সিদিনাও বতৰটো গোমা আছিল ৷ যাব ইচ্ছা নাথাকিলেও গৈছিলো কলেজ ৷ ক্লাছ কৰি থাকোতেই আহিছিল এজাক বৰষুণ ৷ ইমান দিনে হেৰাই যোৱা আকাশৰ নীলা ৰং আৰু গছৰ সেউজীয়াবোৰ যেন ঘূৰি আহিছিল ৷ কলেজৰপৰা ঘৰলৈ অহা সময়তো বতৰটো খুব বেয়া হ'ল ৷ বতাহ মাৰিব ধৰিছিল ৷ মই ভয়তে কোনোফালে নোচোৱাকৈ বেগাই বাছষ্টপলৈ খোজ দিছিলো ৷ দেখাই নাপালো ফুটপাথটো যে কোনোবাখিনিত ভাঙি আছিল ৷ ভৰিখন তাত সোমাই মই উজুতি খাই পৰি গ'লো ৷ গোটেই পাতল হালধীয়া কাপোৰযোৰ বোকা লাগি ক'লা হৈ গ'ল ৷ মাজ ৰাষ্টাত বৰ লাজ পালো ৷ কিন্তু ভৰিখন ইমান বেয়াকৈ সোমাই গ'ল যে মই কোনোপধ্যেই ওলাব পৰা নাছিলো ৷ ক'ৰপৰা জানো এজন ল'ৰা দৌৰি আহিল ৷ “ ইয়ে ৰাম কেনেকৈ পৰিলা ! ৰ'বা মই help কৰি দিওঁ৷” - বুলি কৈ ভৰিখন উলিয়াই দিলে ৷ মই দেখি চিঞৰি দিলো ৷ লোহাত লাগি বহু ঠাইত কাটি গৈছে ৷ সি হাতখনেৰে টানি মোক উঠাই দিলে ৷ হাতখনৰ আঙুলিবোৰ দীঘল দীঘল ৷ আঙুলিবোৰ খহটা ৷ যেন ব্লেডেৰে আঘাত কৰিছে ৷ এটা faded jeans ৰ লগত এটা ক'লা t-shirt ৷ চকু দুটা উজ্জ্বল ৷ মৰম লগা মুখখনত দাড়িখিনি কিছুদিন খুৰোৱা নাই চাগে ৷ বৰ বেছি দীঘল নহ'লেও বেচাইজ হৈ থকা বুলি ধৰিব পাৰি ৷ …“ তোমাৰ চোন বহুত তেজ ওলাইছে ৷ কিবা দৰৱ লগাব লাগিব ৷” …“ Thank you so much help কৰা বাবে ৷ দৰৱ..I'll manage. ” …মই ভৰিখন চোচৰাই যাব ওলালো ৷ “ ৰ'বা manage কৰিবা বাৰু but বেয়াকৈ কাটিছে , এনেকৈ যাব নোৱাৰিবা ৷ বৰষুণ দিব আকৌ ৷ Infection হৈ যাব পাৰে ৷ মোৰ ঘৰ সৌটো ৷ তালৈ ব'লা ৷ ভালকৈ bandage কৰি তাৰ পাছত যাবাগৈ ৷ ”… মোৰ কাৰণে ইমান care কৰিছিল বাবে ভাল লাগিছিল যদিও খঙো উঠিছিল, ভয়ো লগিছিল ৷ কোন ল'ৰা , কি কথা একো নাজানো মই তাৰ লগত কিয় যাম বাৰু !

     “ নালাগে মই পাৰিম ৷” …তেনেতে আকৌ বৰষুণ পৰিল ৷ “ অচিনাকী ল'ৰা বুলি ভয় খাব নালাগে ৷ আহা একো নহয় ৷ সকলো মানুহ বেয়া নহয় ৷ ঘৰত মা আৰু ভণ্টি আছে ৷ They'll help you . ” …মোৰ ভয়তো যেন সি বুজি পাইছিল ৷ ল’ৰাজনৰ গভীৰ চকুযোৰ দেখি কিবা বিশ্বাস কৰিবলৈ মন গ’ল ৷ অকমাণ গৈয়েই ঘৰটো ৷ সোমোৱাৰ লগে লগে মাক আৰু ভনীয়েক ভিতৰৰপৰা ওলাই আহিল ৷ তাৰ পিছৰ আধা ঘণ্টা দুয়ো মিলি ধুই-মচি দৰৱ লগাই bandage কৰি দিলে ৷ …“ মাজনী তোমাৰ কাপোৰযোৰ তিতি লেতেৰা হৈ গৈছে চোন ৷ অসুখ হৈ যাব ৷ আমাৰ এইৰ এযোৰ সলাই লোৱা, মই চাহ বনাওঁ ৷ ” …মানুহগৰাকীৰ আপোন ভাৱটো মোৰ ভাল লাগিল ৷ “ নালাগে আণ্টি মই যাওৱেই ৷” …“ হেহ্ , কেনেকৈ যাবা, বাহিৰত চোৱা ইমান বৰষুণ ৷ কমিলে যাবাগৈ ৷” - ময়ো ভাবিলো এনেকৈ যাব নোৱাৰিম ৷ ভিতৰত তাৰ ভনীয়েকৰ কাপোৰ এযোৰ সলাই ল'লো ৷ corridor টোৰে ৰুমৰ পৰা ওলাই আহোতে কাষৰ ৰুমটোত চকু পৰিল ৷ ৱালত famous band, singer কিছুমানৰ poster. এটা কোণত এখন guitar , মোৰ বুজিবলৈ বাকী নাথাকিল নিবিড়ৰ খহটা, কটা-কটি আঙুলিৰ কাৰণ ! মই যাবলৈ ওলোৱাত আণ্টিয়ে ক’লে, “ কেনেকৈ খোজ কাঢ়িবা ।নালাগে ৰ’বা, বাবাই অকমাণ আগবঢ়াই দিব। ” ভিতৰৰপৰা নিবিড়ে পিন্ধি থকা হাত দীঘল sporting টোৰ হাতখন কোচাই কোচাই চাবিডাল লৈ ওলাই আহিল ৷ বাইক ষ্টাৰ্ট দিয়ে মানে মই আণ্টিহঁতক ধন্যবাদ জনালো ইমানখিনি সহায় কৰা বাবে ৷ তেতিয়াও ভালদৰে আন্ধাৰ হোৱা নাছিল ৷ অচিনাকী হ’লেও নিবিড়ক সিদিনা চিনাকী যেনেই লাগিছিল ৷ বাটবোৰ ভিজা ভিজা ৷ বতাহজাকো সেমেকি আছিল ৷ মোৰ চুলিবোৰ উৰুৱাই নিছিল বাৰে বাৰে ৷ চিনাকী অচিনাকী ভাৱ এটা শিয়ৰি উঠিছিলো মই !

     দুদিন পিছত আকৌ গ’লো তেওঁলোকৰ ঘৰলৈ ৷ কাপোৰযোৰ ঘূৰাবলৈ আছিল নহয় ৷ সিদিনা দৌৰা-দৌৰিতে আণ্টিৰ নম্বৰটোও লোৱা নহ’ল ৷ মায়ে phone কৰি thanks ক’ব খুজিছিল সিদিনা ৷ মই নম্বৰটো খোজা সময়তে হাতত ঘড়ীটো পিন্ধি পিন্ধি নিবিড় ওলাই আহিছিল ৷ …“ বাবা তাইক মোৰ নম্বৰটো দেচোন ৷ আৰু তাইৰটোও লৈ ল’ ৷”
( to be continued )

চিনাকী অচিনাকী # part 2


    পুৱা উঠি খিৰিকিখন খুলি দিয়াৰ লগে লগে এচাটি ঠাণ্ডা বতাহে চুই গ'ল মোক ৷ শীতৰ এক নতুন অনুভৱ ৷ মোৰ গাই দিব মন গ'ল .. I go back to December all the time .. ! যোৱাকালিৰ বৰষুণজাকৰ পিছত সকলোফালে সতেজতা ৷ গছৰ পাতবোৰ আকৌ সেউজীয়া হৈ উঠিছে ৷ ভিজা মাটিৰ গোন্ধ এটা মোৰ নাকত লাগিল ৷ মনটো কিবা ভাল লাগি গ'ল ৷ নিবিড় তেতিয়াও বিচনাত ৷ গাৰু এটা সাৱটি শুই আছে ৷ ঠাণ্ডা বতাহজাকে তাকো চুই গৈছিল ৷ কাপোৰখন টানি ভালকৈ উৰি লৈ চকু নেমেলাকৈয়ে ক'লে ,“ ফেনখন কিয় দিছা ? ” …মোৰ হাঁহি উঠি গ'ল ৷ খিৰিকিখন জপাই দিলো ৷ গৈ তাক কাপোৰখন ভালকৈ উৰাই দিলো ৷ চুলিবোৰ খেলি মেলি হৈ আছে ৷ গাৰুটোত হেঁচা খাই তাৰ মুখখন আধা মেল খাই আছে। শুই থাকিলে ইমান শান্ত দেখি ৷ একেবাৰে সৰু ল'ৰাৰ দৰে ৷ কোনো problem এই যেন চুব নোৱাৰে , সকলোৰেপৰা আঁতৰত সি ৷ কিছু সময় তাত থিয় হৈ থাকি এপাকত হাতেৰে তাৰ চুলিখিনি ঠিক কৰি দি মই বাথৰুমত সোমালো ৷

    আমি ওলাই যাওঁ মানে ৮ বাজি গ'ল ৷ আজিও ৰ'দ নাই আৰু ওলোৱাৰ কোনো আশাও দেখা নাই ৷ গোটেই ৰাষ্টাবোৰত গছৰ পাত ভৰ্তি ৷ পথৰ দাঁতিত বোকা ৷ আকৌ আহিব বৰষুণ , ধেৰেকণি মাৰি আকাশখনে যেন কৈ গ'ল ৷ যোৰাবাট পোৱাৰ পিছত বতাহ আৰম্ভ হ'ল ৷ মোৰ ভয় লাগে ৷ নিবিড়ে মোৰ ফালে চাই হাঁহি এটা মাৰি ক'লে ,“ কি হ'ল ভয় লাগিল নেকি ? একো নহয় দিয়া জোৰত নাহে ৷” লাহে লাহে বৰষুণ আৰম্ভ হ'ল ৷ জোৰকৈয়ে আহিল ৷ আন্ধাৰ হৈ গ'ল চাৰিওফালে ৷ গাড়ীৰ হেডলাইট জ্বলাই অকাই পকাই আমি গৈ থাকিলো ৷

    গাড়ীৰ wiper ডালে সমুখৰ গ্লাছখনৰ পানীবোৰ অহৰহ মচি থাকিল ৷ wiper ডাল ইফালৰ পৰা সিফালে অহা যোৱা কৰোতে ওলোৱা শব্দটো মোৰ ভাল লাগিছিল ৷ শব্দটোৰ লগত মই তাল মিলাবলৈ চেষ্টা কৰিলো ৷ গ্লাছবোৰ বন্ধ হৈ থকা বাবে ভিতৰটো ভাপ হৈ গৈছিল ৷ গ্লাছখন ধোৱা ধোৱা হৈ গৈছিল, একো নেদেখি ..blur ৷ হঠাৎ যেন মই সৰু হৈ গ'লো ৷ গ্লাছত আঙুলিৰে নিজৰ নামটো লিখি কাষত সৰুকৈ এটা smiley আঁকি দিলো ৷ নিবিৰে গাড়ী চলাই আছিল যদিও মোক লক্ষ কৰি আছিল ৷ সি ওঁঠটো অকমাণ বেঁকা কৰি এটা হাঁহি মাৰি দিলে ৷ ৰাতিপুৱা দৌৰা-দৌৰিতে তাৰ t-shirt ৰ কলাৰটো ঠিক কৰাই নহ'ল চাগে। উঠি থকা কলাৰটো ঠিক কৰি দি কিয় জানো আকৌ আগৰ দৰেই উঠাই দিলো ৷ তাক চোন তেনেকৈয়ে ভাল লাগিছে ৷  গাড়ীৰ soundbox ত Taylor ৰ গান এটা বাজি আছিল -
' please take my hand &
please take me dancing
please leave me stranded
It's so romantic ... '
  - কিন্তু মোৰ আজি English শুনিব মন নগ'ল ৷ " বেলেগ গান নাই নেকি ?"  …সি লগে লগে change কৰি দিলে ৷ লাহে লাহে বাজি উঠিল ' না হে য়ে পানা… তুম ছে হি…' - পৰিৱেশটো যেন আৰু romantic হৈ গ'ল । নিবিড়ে মোৰ choice বোৰ নোকোৱাকৈয়ে বুজা পায় ৷ লাহে লাহে বৰষুণ কমিল ৷ মই গ্লাছখন আধা নমাই ল'লো ৷ কিন-কিনাই পৰি থকা বৰষুণৰ তলত মুখখন পাতি চকু দুটা মুদি দিলো ৷ এজাক ঠাণ্ডা বতাহ আৰু সৰু সৰু টোপালবোৰে চুই গ'ল মোক ৷ এনে এটা দিনতেইতো লগ পাইছিলো নিবিড়ক ৷
( to be continued )


চিনাকী অচিনাকী # part 1


wrote it months back ,on one of my friend's request, actually on her demand to create a story focusing on a male character which matches wid her choices, her imagination ..a person she wants as a partner, an understanding one :D ..& I just made a try ..I think it became a cheesy romantic typ !! :D


     ফাগুনৰ আকাশত মদাৰে জ্বলোৱা জুই নুমাবলৈয়েতো নামি আহে বৰষুণৰ জাক ৷ আগজাননী দি যায় ব'হাগৰ আগমণৰ ৷ কালি গধূলিও আহিছিল এজাক বৰষুণ ৷ লগত আহিছিল ধুমুহা ৷ বৰষুণত নাচি ভাল পাওঁ, কিন্তু কিয় জানো ধুমুহা মোৰ ভয় লাগে ৷ এনে লাগে যেন সকলো ভাঙি চুৰমাৰ কৰি দিব মূহৰ্তৰ ভিতৰত ৷ এনে বতৰত অকলে বেল্কনিত বহি কিছু সময় নিজৰ লগত পাৰ কৰি ভাল পাওঁ ৷ বেল্কনিৰ লাইটটো নুমুৱাই দিলো ৷ তলত ব্যস্ত ৰাজপথ ৷ বতাহ বৰষুণেও স্তব্ধ কৰিব পৰা নাই ৷ গাড়ীৰ হেডলাইটৰ পোহৰত ধৰিব পাৰি  বৰষুণৰ দীঘলীয়া টোপালবোৰ ৷ প্ৰতিটো টোপালেই যেন অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে সোনকালে মাটি স্পৰ্শ কৰাৰ ৷ ষ্ট্ৰীট লাইটৰ হালধীয়া পোহৰবোৰ যেন পথৰ দাঁতিত জমা হোৱা পানীৰ লগত মিহলি হৈ গৈছে ৷ বহুত সময় মই বেল্কনিৰ সৰু ঝুলনাখনত বহি থাকিলো ৷ বৰষুণজাকে যেন গধূলিটো মায়াময় কৰি তুলিলে ৷ … টিং টং … “ নিবিড় আহিল চাগে ”… মই দৌৰি গৈ দুৱাৰখন খুলি দিলো ৷ বৰষুণত আধা তিতিছেই ৷ বোকা লগা জোতযোৰ পিন্ধিয়েই সি সোমাই আহিব খুজিছিল ৷ … “ এই জোতা খোলা ৷ গোটেই ঘৰ লেতেৰা হ'ব ৷” …নিবিড়ে অকমাণ জিভাখন উলিয়াই হাঁহি এটা মাৰি জোতা খোলাত লাগিল ৷ এনেবোৰ কথাত তাৰ ওপৰত কেতিয়াবা খং উঠিলেও পিছ মূহুৰ্ততে তাৰ হাঁহিটো দেখি পমি যাওঁ ! মই ভিতৰৰপৰা টাৱেলখন আনি দেখো ভিজা কাপোৰেৰে সৈতে আহি চোফাখনতে বাগৰি দিছে ৷ উফ্‌ ! কি যে সৰু ল'ৰাৰ নিচিনা কামবোৰ কৰি থাকে !
 
     নিবিড়ে মূৰটো মচি মচি ক'লে, “ official tour এটাত যাব লাগিব আকৌ ৷ ”… “  ক'ত যাবা ? কালিয়ে যাবাগৈ নেকি ?” গোটেই সপ্তাহটো দুয়োজনেই নিজৰ কামত ব্যস্ত ৷ আহি গধুলিটো ভাগৰ পলাওতেই যায় সদায় , weekend টোৱেই পাওঁ, তাতেও আকৌ tour ! খং উঠে কেতিয়াবা ৷ …“ ক'ত হ'ব আৰু, আকৌ শ্বিলং ৷ কালি নহয়, পৰহিহে যাম, সোমবাৰে ৷” … মই চাহ বনাবলৈ গ'লো ৷ শ্বিলং বুলি ক'লেই কিয় জানো মই দুৰ্বল হৈ যাওঁ ! বহুত ঠাইয়েই ফুৰিছো, কিন্তু শ্বিলঙৰ এক সুকীয়া মাদকতা আছে ৷ নাজানো কিয় শ্বিলঙৰ অকোৱা-পকোৱা বাটবোৰে মোক সাহস দিয়ে, নতুন উৎসাহ দিয়ে ৷ নিবিড়ে কোৱাৰ লগে লগে মোৰো মন গ'ল নহয় যাবলৈ ! তাতে আকৌ বৰষুণ ৷ বৰষুণৰ বতৰত শ্বিলংখন কল্পনা কৰিয়ে ভাল লাগি গ'ল ৷ ময়ো যাব পৰা হ'লে ! নাই, মই যোৱাটো ঠিক নহ'ব ৷ সি নিজৰ কাম লৈ যাব ,মই যাম বুলি ক'লে নিনিও বুলিও নক'ব ৷ চাহ দুকাপ লৈ মই বেল্কনি পালোঁ ৷ নিবিড়ে ম'বাইলটো লৈ কিবা কৰি আছে ৷ মূৰটো নোতোলাকৈয়ে ক'লে , “ আমি কাইলৈয়ে যামগৈ ৷”…মোৰ খং উঠি গ'ল ৷ এতিয়া মানে দেওবাৰটোও মই ঘৰত সোমাই থাকিব লাগিব অকলে ! একো নক'লো আৰু ৷ …“ কি হ'ল, একো নক'লা যে ! শ্বিলং যাব পায়ো তোমাৰ হাঁহি নাই যে ?” …“ মই যাম তোমাৰ লগত ?” …স্ফূৰ্তি লাগিছিল যদিও  emotion খিনি control কৰি ক'লো, “ মই গ'লে তোমাৰ দিগদাৰ নহ'ব জানো ৷ নাযাওঁ দিয়া মই ৷ ” ,…সি লগে লগে ক'লে ,“ এনে একেবাৰে নোযোৱা জনী ! একো দিগদাৰ নহয় ৷” …ভাল লাগিল , কিমান দিনৰ মূৰত এটা দিন ভালদৰে কটাবলৈ পাম ৷ কেতিয়া ৰাতিপুৱাই আৰু কেতিয়া যাব পাৰো চাহৰ কাপটো লৈ সেয়াই ভাবি থাকিলো ৷
( to be continued )

Monday, 5 December 2016

সোঁৱৰণীৰ এখিলা সৰাপাত


আঘোণৰ কোঁহে কোঁহে বৈ অহা কুঁৱলীয়ে
দি যায় সোঁৱৰণীৰ এখিলা সৰাপাত…
শুকাই যোৱা হেজাৰ চকুপানীৰ সাক্ষী হৈ ৰয়
ডায়েৰিৰ পৃষ্ঠাবোৰ…
ডায়েৰিৰ ভাঁজে ভাঁজে মৰহি যোৱা স্মৃতিবোৰে
ৰিঙিয়াই মাতে দোভাগ নিশা…

তই নাথাকিলেও ফাগুন নামে
ৰঙীন কৰি যায়
বসন্তই চটিয়াই দিয়ে এজাক হাঁহি
হঠাৎ জানো ক’ৰপৰা আহি
বাৰিষাই ধুই নিয়ে সেউজীয়াবোৰ
আকৌ উচুপি উঠে হাঁহিবোৰ…

স্মৃতিয়ে আমনি কৰিবই
ডায়েৰিৰ পাতবোৰ যে মাথো একোটা পাত নহয়
সৰাপাতৰ সোঁৱৰণীবোৰ লিখা আছে তাত
কুঁৱলীৰ আঁচলৰ ভাঁজে ভাঁজে
উশাহৰ ভাষাৰে… !!