Monday, 31 August 2020

মেঘালী (খণ্ড ১)

(১)

পাহাৰখনৰ সিটোমূৰত হেঙুলীয়া ৰংটো অলপ বেছি হেঙুলীয়া হৈ বিয়পি পৰিছে ৷ শুকুলা মেঘবোৰেও হেঙুলীয়া ৰং সানি লৈছে ৷ আনফালৰপৰা ক’লা মেঘে পাহাৰখন ঢাকি আহিছে ৷ "বৰষুণ দিব চাগে ৷" প্ৰবালে আকাশখনলৈ চালে ৷ তাক ইতিকিং কৰি কলীয়া ডাৱৰ গৰজি উঠিল ৷ এই ঠাইখনৰ সৈতে বৰষুণৰ অপাৰ প্ৰেম ৷ নহাকৈ থাকিব পাৰিব জানো ! শেষ হোৱা চিগাৰেটটো সি ভৰিৰে মোহাৰি পেলালে ৷ শেষৰ ধোঁৱাখিনি কুন্দলী পকাই মেঘ হৈ উৰি গ’ল ৷ অলপ আতৰত মানসে চকু দুটা মুদি কাষৰ গছডালতে ভেঁজা দি বহি আছে ৷ তলত পাহাৰীয়া নৈখনৰ অস্তিত্বৰ ক্ষীণ প্ৰবাহ এটা ভাঁহি আহিল ৷ লাহে লাহে জিলিৰ মাতটো আৰু গভীৰ হ’ল ৷ দিনটোৰ শেষৰ চাহকাপ বিক্ৰী যোৱাৰ আশাত মৌচীয়ে প্ৰবাললৈ চাই সুধিলে, "ভাই চায় পিয়োগে ?" সি মুৰটো সমান্য জোকাৰি নাখাওঁ বুলি ক’লে ৷ তেওঁ দোকানৰ বস্তুবোৰ সামৰাত লাগিল ৷ দোকান বুলিবলৈ ত্ৰিপালখনৰ তলত কাঠৰ সৰু টেবুল এখন ৷ পুৱাই আহি চাহ বিস্কুট, পাপৰ, চানা, মাকৈ লৈ বহে ৷ বতৰ অনুযায়ী বিক্ৰীৰ পৰিমাণ কম-বেছি হয় ৷ 

বৰষুণৰ টোপাল মানসৰ গালত পৰিলত সি একেজাঁপে বহাৰ পৰা উঠিল ৷ "ভাই ব’ল ৷ বৰষুণ পৰিছে ৷ ছাতিও নানিলো নহয় ৷" পাতলীয়া বৰষুণজাকত ভিজি দুয়ো হেঙুলীয়াৰপৰা ঘন নীলা হ’ব ধৰা বাটটোৰে খোজ কাঢ়ি আহি থাকিল ৷ মেঘবোৰে আগ ভেটি ধৰিছেহি ৷ গছবোৰৰ মাজে মাজে মেঘৰ লুকা-ভাকু ৷ সমুখৰ কেঁকুৰিটোৰ হেল’জেনৰ পোহৰ ধোঁৱা ধোঁৱা হৈ ঠাইতে বিয়পি পৰিছে ৷ এইটো ৰাস্তাত সন্ধিয়াৰ পাছত বৰকৈ মানুহ আহ-যাহ কৰিবলৈ নাই ৷ সমুখৰ দুটা কেঁকুৰি পাৰ হৈ বজাৰখন ৷ মেঘৰ মাজত চহৰখন তাত গাভৰু হৈ উঠে সন্ধিয়া ৷ মানুহৰ সঘন আহ-যাহ ৷ এজাক প্ৰেমৰ বৰষুণ আৰু ৰঙীন ছাতিৰ তলত শিপা মেলা প্ৰেমবোৰ ! Stars kneel down to kiss you...কোনোবাই ভিৰৰ মাজতে গুণগুণাই কাষেৰে পাৰ হৈ গৈছে ৷ দূৰৈৰ পাহাৰৰ লাইটবোৰ জ্বলি উঠিছে ৷ যেন আকাশৰ তৰাবোৰ কোনোবাই পাহাৰখনত মেলি দিছে ! মায়া আছে ঠাইখনত ,বুজাব নোৱৰা মায়া ৷ প্ৰবাল আজি অলপ অন্যমনস্ক ৷ ক’ব নোৱৰাকৈ দুই এজনৰ গাত খুন্দাও খাইছে ৷ "চাহ খাবি ?" মানসে সোধাতহে সম্ভিত ঘূৰাই পালে ৷ দুয়ো সৰু চাহৰ দোকানখনত সোমাই চাহ-চিঙৰা অৰ্দাৰ দিলে ৷ দোকানখনত কম ভলিউমত নেপালী গান এটা বাজি আছিল ...''হেৰ’ তিম্ৰ লাগি তাৰা ত’ৰী দিন্‌ছু ৷" আনকালে হোৱাহেঁতেন প্ৰবালে গুণগুণালে হয় ৷ নাই, আজি মাঁথো বাৰে বাৰে ম’বাইলটোলৈ চাইছে ৷ অপেক্ষা ! অপেক্ষাৰ মাদকতা সুকীয়া নে বুকুৰ ধপ্‌ধপনিৰ শব্দটো সুকীয়া সি নাজানে ! 

প্ৰবালৰ ম’বাইল স্ক্ৰীণৰ লাইটটো জ্বলি উঠিল ৷ one new masage received. তাৰ গাল দুখন সামান্য গৰম হৈ আহিল মূহুৰ্তৰ বাবে ৷ মেঘালীৰ মেছেজ, "ঠিকে আছ’ তই ? Mood off যেন লাগিছিল তেতিয়া ৷" কি সুধিব লগা কথা হ’ল ! গৰম হৈ অহা গালদুখনত অস্বস্তিৰ ভাৱ স্পষ্ট ৷ তাৰ reply দিবলৈ মন নগ’ল ৷ নাই, আৰু কাৰো মেছেজ, মিছকল নাই ৷ সি খঙতে ফোনটো পকেটত সুমুৱাই গৰম চাহ কাপত চুমুক দিলে ৷ মানসে তাক গৰম আছে বুলি ক’বও নাপালে...আই ঔ পুৰিল, কি গৰম ! প্ৰবালে চিঞৰি উঠিল ৷ ধেৎ দিনটোৱেই বেয়া বুলি ম’বাইলটো আকৌ চালে ৷ নাই তাৰ মুখখনৰ ৰং সলনি হোৱা দেখা নগ’ল ৷ আকৌ একেথৰে বাহিৰলৈ চাই ৰ’ল ৷ ৰাস্তাটোত ছাতিৰ ভিৰ কম ৷ দুয়োকাষৰ দোকানবোৰৰ বাৰাণ্ডাত ছাতিৰ জুম বান্ধিছে ৷ তাৰ ওলাই গৈ বৰষুণত মুখখন পাতি দিব মন গ’ল ৷ ডিঙিটো সোপা মাৰি ধৰিছে কোনোবাখিনিত ৷ পৰীক্ষাৰ ফলাফল ঘোষণাৰ ঠিক আগ মূহুৰ্তৰ উদ্বিগ্নতা ৷ যোৱা বাৰটা বছৰ পলকতে চকুৰ আগেৰে পাৰ  হৈ গ’ল ৷ চকুদুটা মুদি ’অদিতি’ বুলি চিঞৰি দিব ইচ্ছা গ’ল তাৰ ৷

(আগলৈ)




Thursday, 26 March 2020

লগ নলগা বৃত্ত

(২)
দিনবোৰ গতানুগতিকভাৱে চলি থাকিল ৷ ক্লাছ ,পৰীক্ষা ,লাইব্ৰেৰী আৰু তাই ৷ আজি লাইব্ৰেৰীত ভিৰ অলপ কম ৷ ৰেষ্টোৰা আৰু পাৰ্কত হয়তো বেছি ৷ ভেলেণ্টাইনছ ডে’ ! "আমাৰনো কি আৰু ,তাইৰ মুখখন দিনটোত এবাৰ দেখিলেই হৈ যায় ৷ অকলশৰে থাকিলে এইখিনিয়েই 'মেঘালী চুলিটাৰি, ঢৌ খেলে ৰ’দালি’ চিঞৰি চিঞৰি গাব পৰাকৈ যথেষ্ট ৷" সি মনতে ভাবিলে ৷ আজি তাই নাই ৷ ইফালে সিফালে চালে ৷ নাই ৷ হয়তো কোনো ৰেষ্টোৰাত কেপাচ্ছিন’ হাতত লৈ বহিছে ৷ তাই সদায় বহা চকীখনৰ সমুখৰ চকীখনত বহিল সি ৷ তাইৰ ব্যক্তিগত জীৱন, সি ভাবিবলৈ কোন ! নিজেই নিজকে আকৌ বুজনি দিলে ৷ কিতাপখন মেলি ল’লে ৷ নিমিলা সমীকৰণবোৰৰ উত্তৰ বিচাৰিব আছে ৷ আজি সমীকৰণবোৰ মিলিছে ৷ সমুখৰ খালি চকীখনৰ সমীকৰণটোহে মিলা নাই ৷ হঠাৎ চকীখন উলিয়াই কোনোবা বহিল ৷ তাই ! হাতত সিদিনা আধা পঢ়ি টেবুলত এৰি যোৱা কিতাপখন ৷ তাৰ উশাহবোৰ ঘন হৈ আহিল ৷ চকুৰ আগত পৰি থকা চুলিকোচা তাই লাহেকৈ কাণৰ পাছলৈ ঠেলি পঠিয়ালে ৷ আজি কাণত গান বাজি থকা নাই ৷ বাহিৰত বতাহ ৷ ফাগুন নামিছে ৷ খিৰিকিৰে অহা বতাহজাকে বাৰে বাৰে আউল লগায় তাইৰ চুলিকোচাত ৷ তাৰ হিংসা লাগিল ৷ বলিয়া ফাগুন ! এটা এটাকৈ পাত লুটিয়াইছে তাই ৷ হঠাৎ কিতাপৰ মাজৰপৰা এখিলা কাগজ ওলাই পৰিল ৷ তাৰ উশাহবোৰ আৰু ঘন হ’ল ৷ তাই এবাৰ মুখৰ ভিতৰতে পঢ়িলে ৷ সি আঁৰ চকুৰে চাই থাকিল ৷ নাই আকৌ পঢ়িব ৷ এইবাৰ অলপ অস্পষ্টকৈ ৷ দুপৰীয়াৰ নীৰৱতাত শব্দবোৰ অস্পষ্ট হ’লেও তাৰ কাণত পৰাকৈ স্পষ্ট আছিল ৷
"... সাগৰ বিচাৰি বাট হেৰুওৱা ডৰিকণা মই ৷
তই নিমিলা অংকৰ সমীকৰণ ৷
লগ নলগা বৃত্তৰ দুটা বিন্দু আমি !"
...কবিতা কবিতা লগা দুপৰীয়া এটাত কবিতা হৈ নিগৰা তাইৰ হাঁহিটো ৷ কবিতাটো তাই সামৰি থ’লে নিজৰ বহীখনৰ মাজত ৷ তাইৰ ডায়েৰীৰ পৃষ্ঠাৰ মাজত মৰহা গোলাপ নাথাকিব পাৰে, থাকিব কোনোবা অনামিক ! বেনামী কবিতা ? কিন্তু সমুখত থকা এই অনামিক জন ? সদায় লাইব্ৰেৰীত দেখি দেখি ইটোৱে সিটোলৈ চাই হাঁহি মৰাটো সাধাৰণ কথা হৈ পৰিছিল ৷ সি একেথৰে তাইলৈ চাই ৰৈছে ৷ তাই মুৰ তুলি চালে ৷ সি অপ্ৰস্তুত হ’ল ৷ তালৈ চাই তাই হাঁহি দিলে ৷ হাঁহো নাহাঁহোকৈ সিও হাঁহিলে ৷
খিৰিকীৰে গছজোপালৈ চালে ৷ লঠঙা গছজোপা কেতিয়া জানো সেউজীয়া হ’ব ! এইখন চকীত বহিয়েই সি অপেক্ষা কৰিব ফুল ফুলা লৈ ৷
(সমাপ্ত)

Sunday, 23 February 2020

লগ নলগা বৃত্ত

(১)
কথাবোৰ সি ক’ব নোৱৰাকৈ টান নাছিল ,অথচ তাই বুজিব পৰাকৈ সহজো নাছিল ৷ লাইব্ৰেৰীৰ শেষৰ চকীখন হয়তো তাইৰ প্ৰিয় ৷ সিদিনা প্ৰথম দেখিছিল তাইক ৷ সি গৈ পোৱাৰ আগতেই বহি আছিল ৷ চকুযুৰি দেখা নাছিল ৷ বাওঁফালৰ চুলিকোচাই মুখখন আধা ঢাকি ৰাখিছিল ৷ কাণত হয়তো বাজি আছিল প্ৰতীক কুহাদ; হয়তো জুবিনৰ কোনো পুৰণা গান ! হেলনীয়া বেলিৰ শেষৰ ভাগ পোহৰ হয়তো তাইৰ মুখতে পৰিছে ৷ তথাপি মুখখন ঘূৰোৱা নাই ৷ শুলেই নেকি বাৰু হাতখনত ভেঁজা দি ! কলমটো লৈ ইমান সময়ে আঁক বাঁক কৰি থকা বহীখনলৈ চকু যোৱাত হে মনত পৰিল সি ইয়ালৈ কিয় আহিছিল ৷ এপলক তাইলৈ চাই দীঘল হুমুনিয়াহ এটা কাঢ়ি কিতাপখন মেলি ল’লে ৷ অংকৰ সমীকৰণ মিলাই কেতিয়ানো সময় বাগৰিল গ’মেই নাপালে ৷ মুৰ উঠাই দেখে, তাই নাই ! চকীখনতে বহি মুৰ দাঙি ইফাল সিফাল চালে ৷ নাই ৷ কিয় গ’ম নাপালে বাৰু সি !
ক্লাছ শেষ হোৱা মাত্ৰকে দৌৰা দৌৰিকৈ লাইব্ৰেৰী পালেগৈ সি ৷ মুখখন কিজানিবা আজি দেখেই ! আজিও সেইখন চকীতেই বহি আছে তাই ৷ ৰ’দৰ পোহৰত ৰঙচুৱা চুলিকোচা আৰু অলপ বেছি ৰঙা দেখাইছে ৷ অবিন্যস্ত চুলিকোচা মাজে মাজে আঙুলিৰে লিৰিকি বিদাৰি কলমটোলৈকেই চাইছে ৷ এনেই কলম এটা খোজাৰ অজুহাতত মাতিবলৈ তাইৰ কাষৰ চকীখনো নাপালে নহয় ,চেহ ! নাম সোধাতো দূৰৰে কথা, বেচেৰা মুখখন দেখাৰ সৌভাগ্য হোৱা নাই ৷ চকুযুৰি দেখিলে জানো পাৰিব নামটো সুধিব ? কিছুমান সমীকৰণ সমাধান কৰাটো মস্কিল ৷ ঠাণ্ডাটোও বৰকৈ পৰিছে ৷ ভৰিৰপৰা কঁপনি এটা লাহে লাহে অনুভৱ হৈছে ৷ সমীকৰণবোৰ মিলি অহা নাই ৷ এতিয়া কোনোবাই কবিতা এটা গাই শুনোৱাহেঁতেন ৷ এই ঠিক "তুমি উজুতি খালা আৰু মই বুকুত বিষ এটা অনুভৱ কৰিলো" ধৰণৰ কিবা এটা ৷ কিবা লিখিছে তাই ৷ মাজে মাজে কলমতো কামুৰি বহি থাকে কিবা ভাবি ৷ কাষৰ খিৰিকিখনেৰে পাত সৰি লঠঙা হোৱা গছজোপালৈ একেথৰে চাই ৰয় ৷ নিৰস ডাল কেইটালৈ চাই সি ভাৱে তাৰ জীৱনটোও চোন তেনেকৈয়েই চলি আছে ৷ সেউজীয়াবোৰ ক’ত জানো লুকাল ৷ এপাকত উঠি গ’ল কিতাপৰ ৰেকবোৰৰ মাজলৈ ৷ সিও উঠি গ’ল কিতাপ বিচাৰি ৷ নে ডুবিব পৰাকৈ এখন সাগৰ বিচাৰি ? সমুখত কিন্তু তেতিয়াৰপৰা কিতাপখন ওলোটাকৈ মেলা আছিল ৷ ভাবিছিল হিন্দী চিনেমাৰ দৰে দুয়ো খুন্দা খাব ৷ সি এপলক চাই ৰ’ব সাগৰ বিচাৰি। তাইৰ হাতৰ পৰা পৰি যোৱা কিতাপখন "sorry" বুলি কৈ তুলি দিব ৷ তাৰখন বাৰু সি নিজেই তুলি ল’ব; বৰ এটা প্ৰত্যাশা নাৰাখে সি ৷ কিন্তু এই 'কিন্তু’বোৰ ! তাই বৰ সাৱধান ৷ খুন্দা খোৱাৰ পৰ্যায়টোও আহি নাপালে ৷ বেচেৰা হীৰুদাৰ কবিতাৰ কিতাপ এখন বুকুত সাৱটি অংকৰ কিতাপখনৰ ওপৰত থ’লে ৷ তাৰ হঠাৎ মনত পৰিল ,ক’ৰবাত পঢ়িছিল, "প্ৰেমে অংক ভুল কৰে, কিন্তু কবিতা ভাল লিখে ৷" হাঁহি দিলে ৷ সিও লিখিব কবিতা ৷
" ফাগুন ফাগুন লগা দুপৰীয়াবোৰত
ধূলি হৈ উৰি ফুৰা ৰাঙলী হাঁহিবোৰ
তোৰেই নাছিল জানো ?
ফাগুনে কাণে কাণে কৈছিল
তোৰ ঢৌ খেলা চুলিকোচাৰে হেনো
সপোন বাগৰে ৷
যেতিয়া সুধিছিল, " শিমলু ভাল পাৱ নে মদাৰ ?"
কিয় জানো এজাৰজোপা বৰকৈ ফুলিছিল !
সাগৰ বিচাৰি বাট হেৰুওৱা ডৰিকণা মই ৷
তই নিমিলা অংকৰ সমীকৰণ ৷
লগ নলগা বৃত্তৰ দুটা বিন্দু আমি !"
...নাই আজিও নাই তাই ৷ কেতিয়া জানো উঠি গ’ল ৷ ঠিকেই ,লগ নলগা বৃত্তৰ দুটা বিন্দু ৷ লাইব্ৰেৰীত মানুহ বুলিবলৈ আঙুলিৰ মূৰত গণিব পৰাকৈ কেইজনমান ৷ ঠাণ্ডাও বাঢ়িছে নহয় ৷ সি লাহেকৈ তাই বহা চকীখনৰ ওচৰলৈ উঠি গ’ল ৷ হাতত কবিতাটো ৷ কিতাপখন টেবুলতেই এৰি থৈ গৈছে ৷ অলপ পাছত সেইখন আকৌ ৰেকৰ হাজাৰখন কিতাপৰ মাজত হেৰাই যাব ৷ হয়তো আধা পঢ়া কিতাপখন এদিন তাই আকৌ বিচাৰি উলিয়াই পঢ়িব !
(আগলৈ)

Saturday, 8 February 2020

Years passed by...
They were sitting by the sea
Trying to count the countless waves...
Suddenly, she looked at him, starred for a while .
"What ?" He asked starring at the melting sun.
"No, I still can't understand, what actually made you fall for me !... I did nothing special as far as I remember."
He smiled. Looked straight at the horizon.
"These crimson sunsets are my favorite you know. Does it do anything special or put efforts to impress me ? Huh , I don't think so ! It's same as yesterday or days before !"
She's trying to figure out what he just said.
"I fell for you coz you did absolutely nothing to make me fall for you !"
The last rays of the day tinted her face pink !

Friday, 3 May 2019

মাৰফৎ গুৱাহাটী কলেজ

জীৱনৰ জখলা বগাওঁতে
প্ৰতিটো খটখটিত একোখন ঘৰ সাঁজো
নজনাকৈয়ে..
উদ্ভিদ বিজ্ঞান বিভাগ এখনি ঘৰ
ঠিকনা- মাৰফৎ গুৱাহাটী কলেজ ৷
ইয়াৰ মানুহবোৰ অভ্যাস
এক এৰাব নোৱৰা অভ্যাস...
কালিৰ পৰা অভ্যাসবোৰ সলনি হ’ব ;
হয়তো হৈছে
গতানুগতিক ব্যস্ততাবোৰ কমিব
সেউজ দোপাট্টাখনে আলনাৰ পাছফালে উচুপিব ৷
তিনিটা বসন্ত সাক্ষী হৈ ৰ’ল
আমাৰ হাঁহি কান্দোন অভিমান কাজিয়াবোৰৰ
সৰাপাতবোৰ সোঁৱৰণী হ’ল ৷
তথাপিও মনত পৰিবনে বাৰু
শ্বিলঙৰ শেষ নোহোৱা বাটটো ?
অথবা ছিকিম আৰু বৰফৰ দেশৰ কাহিনী ?
আৰু লাচুঙৰ উমাল সন্ধিয়াটো জানো পাহৰো বুলি পাহৰিব পাৰি ?
নোৱাৰি ৷
অপৰাজিতাডাল যে বটবৃক্ষ হৈ বুকুৱেদি শিপাইছে, নীৰৱে...
বিদায়...উফ চেপা কান্দোনটোৱে ডিঙিটো সোপা মাৰি ধৰিছে
শেষ বুলিলে জানো শেষ ?
‘বিদায়’ মাথোঁ আনুষ্ঠানিকতাহে !
তথাপিও চোন বুকুখন বিষায় ৷
সকলোৰে জীৱনৰ ষ্টেচনবোৰ বেলেগ বেলেগ
নামো বুলি ক’লে জানো ৰাখি থ’ব পাৰো  ?
নহ’লে লগত ময়ো নামি যাওঁ বুলি জানো নামি যাব পাৰো ?
ওহো .. নোৱাৰো ৷
ষ্টেচনবোৰ যে বেলেগ বেলেগ
কোনোবাটো কেঁকুৰিত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি
ডায়েৰীৰ পাতত শব্দ হৈ ওপঙি থাকে প্ৰতিশ্ৰুতিবোৰ !
শেষ আলিংগনটোৱে  দ’কৈ সাঁচ বহুৱাই যাওঁক পুনৰ লগ নোপোৱালৈ হাঁহিব পৰাকৈ ..
ডায়েৰীৰ পাতখিলা হালধীয়া নপৰালৈ প্ৰতিশ্ৰুতিবোৰ সেউজীয়া হৈ থাকক !


Sunday, 30 September 2018

ইউকেলিপ্টাছ (Part 5)


জিঞাই ডাক্তৰৰ টেবুলৰ পেপাৰ ৱেটটোলৈ নিস্তেজ চকুযুৰিৰে একেথৰে চাই থাকিল ৷
“ It’s okay madam. As long as she’s fine, she’s healthy it’s okay. I’m there with her.” সি সহজভাৱে কৈ গ’ল ৷
সূৰ্যাস্তই ৰং সনা হেঙুলীয়া আবেলিটোত তাই কোৱা নাছিল জানো তাক আতৰি যাবলৈ ! ডাক্তৰৰ চেম্বাৰত মুখ খুলি একো ক’ব নোৱাৰি মানসিক অশান্তিত ভুগিছিল তাই ৷ অন্ততঃ তাৰ ভালৰ বাবে নিজৰভালপোৱা ত্যাগ কৰিবলৈ তাই ৰাজী ৷ তাইৰ কথা শুনি সি মাথো হাঁহিছিল ৷
“আতৰি যাম ? মই ? তই ক’লেও নাযাওঁ ৷”
“নুবুজা কিয় ? তোমাৰ ভালৰ বাৰে কৈছো ৷”
“ঠিক আছে মানি ল’লো ৷ মই বাৰু আতৰি গ’লো তোমাৰ পৰা ৷ কাৰণ ? যিহেতু আমাৰ বিয়া হোৱা নাই আতৰি গ’লেওতো মানুহৰ ক’ব লগা একো নাই ! কিন্তু যদি বিয়াৰ পাছত তোৰ অসুখ হ’ল হয় ? তই মোক আতৰি যাব ক’লি হয় নে ? ক’লেও মই আতৰি গ’লো হয় জানো ?”
নিস্তব্ধতা ৷ আকাশৰ হেঙুলীয়াবোৰ ক্ৰমাৎ ঘন নীলা হৈ আহিল ৷
“যদি বিয়াৰ পাছত তোক এনে অৱস্থাত অকলে যুঁজিবলৈ এৰি নিদিলো হয় , তেন্তে এতিয়া তোক এৰি আতৰি যোৱাৰ যুক্তি ক’ত ?...ভালপাওঁ তোক ৷ জীৱনৰ সেউজ ৰঙা পাৰ্চপেক্টিভবোৰৰ দিশে একেলগে বাট বুলাৰ সপোন দেখিছিলো ৷ ইমান সহজে মৰহিবলৈ নিদিওঁ ৷”
সিদিনা তাই তাৰ ওচৰত কান্দিছিল ৷ ভাগৰুৱা চকুহালত টোপনিয়ে থিতাপি নোলোৱালৈ কান্দিছিল ৷ Sometime you no need to kneel down, be someone’s shoulder to cry.
০ ০ ০

“কুম্‌নো ফি লং ?” ৰক্তিমহঁতৰ ঘৰৰ ওচৰত থকা টেইলাঙে খবৰ সোধাত হে সি বৰ্তমানলৈ ঘূৰি আহিল ৷ পুৰণি কথাবোৰ ভাবি ভাবি কেতিয়ানো টিলাটো পালেহি গ’মেই পোৱা নাছিল ৷সি কিবা কোৱাৰ আগত তায়েই হাঁহি হাঁহি টেইলাঙক খবৰ ভাল বুলি জনালে ৷টিলাটোৰ এটা মূৰৰপৰা পাহাৰখনৰ একাংশ ভালদৰে দেখা যায় ৷ জ্বলি থকা লাইটবোৰ এজাক তৰা যেন লাগিল ৷ আকাশত টুকুৰা টুকুৰ মেঘবোৰ উৰি ফুৰিছে ৷ ক’ৰবাত হয়তো নৈৰ পাৰত কঁহুৱা ফুলিছে ৷ এচাটি বতাহে চুই গ’ল ৷ তাই গুনগুনালে , “ মোৰ মনৰ পচোৱা ফাগুনক দিবি, মোৰ গানৰ শলিতা এন্ধাৰত জ্বলাবি ...” যা হওঁক তাইৰ মুখেৰে শৰতত ফাগুন নিগৰিল ! হঠাতে গেটৰ কাষত সগৌৰৱে থিয় হৈ থকা ইউকেলিপ্টাছ দুজোপা দেখি কি জানো মনত পৰিল তাইৰ, “ইউকেলিপ্টাছ গছৰ দৰে ওখ হ’ব খোজো মই, চিৰদিন, চিৰন্তন...আকাশ চুব খোজো মই...”
তাইক হাঁহি থকা দেখিলে ৰক্তিমৰ মুখখন উজলি উঠে ৷ কোনোবাটো আবেলি এইজনী ছোৱালীয়েই গছজোপা আকৌ সেউজীয়া হ’ব বুলি ভবাটো ভুল বুলি কৈছিল ! ইউকেলিপ্টাছ হোৱাতো দুৰৰ কথা ৷
জীৱন যুঁজত জয়ী হ’ল তাই ৷ নিজৰ ওচৰত হাৰ নামানিলে কেতিয়াও ৷ সেউজীয়াবোৰ গাঢ় হ’ল ৷ইউকেলিপ্টাছডাল সগৌৰৱে থিয় হৈ থাকিল ,আৰু তায়ো থিয় হৈ থাকিল ইউকেলিপ্টাছৰ দৰে ,ৰক্তিমে বিচৰাৰ দৰে ৷


৷ সমাপ্ত ৷

Saturday, 29 September 2018

ইউকেলিপ্টাছ (part 4)


    কলেজত তাইতকৈ ৰক্তিম দুবছৰ ডাঙৰ ৷ গ্ৰেজুৱেছনৰ শেষৰফালে কোনো এটা আবেলি সি গুজি দিয়া ৰঙা গোলাপপাহ আজিও তাইৰ ডায়েৰিৰ কোনোবাটো পৃষ্ঠাৰ মাজত কুচি-মুচি সোমাই আছে ৷ সি জানো কবিতাও লিখা নাছিল !
“তোমাৰ মেঘালী চুলিটাৰিয়ে মায়া সনা
ৰাগিয়াল সন্ধ্যাবোৰত
জোনাক নামে...
এপিয়লা ভালপোৱা
তোমাৰ নামত...”
বাকীখিনি হয়তো তাইৰো মনত নাই ৷ মাকে এদিন কিতাপৰ মাজত পাই কি বুলি সোধাত লাৰু কৰি তাই কাগজখন খিৰিকীৰে দলিয়াই দিয়া নাছিল জানো ! ইহ্‌, ক’লেই হ’ব নে প্যাৰ কিয়া তো দৰ্‌না ক্যা বুলি,মাকৰ আগত তাইৰ বুকুৰ কঁপনিৰ প্ৰাবল্য তাই হে গ’ম পাইছিল ! লাহে লাহে কথাবোৰ জনা-জনি হৈছিল ৷ দিন বাগৰিল ৷ আত্মীয়তা বাঢ়িল ৷ বিয়া বাৰুৰ কথা আগবঢ়োৱাৰ উদ্দেশ্যে ল’ৰাঘৰৰ মানুহ জিঞাহঁতৰ ঘৰলৈ যোৱা কথা ৷ তাৰ ঠিক দুদিন আগত, সন্ধিয়া ৰিপ’ৰ্টটো লৈ আধা মৰা মানুহৰ দৰে ঘৰ সোমাইছিলহি তাই ৷ অন্ধকাৰ দেখিছিল সকলো দিশে ৷
ডাক্তৰে বাহিৰলৈ লৈ যাবলৈ পৰামৰ্শ দিছিল ৷ ব্ৰেষ্ট কেন্সাৰ ৷ প্ৰতিটো মূহুৰ্তৰ ছাঁৰদৰে আছিল সি  ভাগিপৰা ঘৰখন চম্ভালিছিল ৷ এপদ এপদকৈ পৰি অহা তাইৰ স্বাস্থ্য দেখি কেতিয়াবা সিও ভাগি পৰিছিল ৷ কষ্ট পাইছিল তাই ৷ শাৰীৰিক-মানসিক ৷ অপাৰেছনৰ পাছত অসুখীয়া দেউতাকক ঘৰলৈ পঠিয়াই তাইৰ চোৱা চিতাৰ সম্পূৰ্ণ দায়িত্ব ৰক্তিমে নিজে মূৰ পাতি লৈছিল ৷ ৰিলিজ দিয়াৰ আগত চেম্বাৰত ৰিপ’ৰ্টবোৰ চাই ডাক্তৰণী গৰাকীয়ে তাইৰ ফালে চাই সুধিছিল ,“Have you both got married ?”
“No madam”
ৰিপ’ৰ্টবোৰত আকৌ এবাৰ চকু ফুৰাই ৰক্তিমৰ ফালে চাই কৈ গ’ল,“She is cured now. We’ve successfully removed the lump. But...we can’t say the other breast wont get affected! There’s still a chance. She knows it all, I've talked to her already; I wanted you to know. In her case, later we might have to treat with hormone therapy. It will change the way of hormone’s work, or; we might have to remove the ovaries that produce hormones !” – প্ৰশ্নবোধক চাৱনি এটা ৰক্তিমলৈ উফৰি আহিল ৷

(To be continued)