Thursday, 26 March 2020

লগ নলগা বৃত্ত

(২)
দিনবোৰ গতানুগতিকভাৱে চলি থাকিল ৷ ক্লাছ ,পৰীক্ষা ,লাইব্ৰেৰী আৰু তাই ৷ আজি লাইব্ৰেৰীত ভিৰ অলপ কম ৷ ৰেষ্টোৰা আৰু পাৰ্কত হয়তো বেছি ৷ ভেলেণ্টাইনছ ডে’ ! "আমাৰনো কি আৰু ,তাইৰ মুখখন দিনটোত এবাৰ দেখিলেই হৈ যায় ৷ অকলশৰে থাকিলে এইখিনিয়েই 'মেঘালী চুলিটাৰি, ঢৌ খেলে ৰ’দালি’ চিঞৰি চিঞৰি গাব পৰাকৈ যথেষ্ট ৷" সি মনতে ভাবিলে ৷ আজি তাই নাই ৷ ইফালে সিফালে চালে ৷ নাই ৷ হয়তো কোনো ৰেষ্টোৰাত কেপাচ্ছিন’ হাতত লৈ বহিছে ৷ তাই সদায় বহা চকীখনৰ সমুখৰ চকীখনত বহিল সি ৷ তাইৰ ব্যক্তিগত জীৱন, সি ভাবিবলৈ কোন ! নিজেই নিজকে আকৌ বুজনি দিলে ৷ কিতাপখন মেলি ল’লে ৷ নিমিলা সমীকৰণবোৰৰ উত্তৰ বিচাৰিব আছে ৷ আজি সমীকৰণবোৰ মিলিছে ৷ সমুখৰ খালি চকীখনৰ সমীকৰণটোহে মিলা নাই ৷ হঠাৎ চকীখন উলিয়াই কোনোবা বহিল ৷ তাই ! হাতত সিদিনা আধা পঢ়ি টেবুলত এৰি যোৱা কিতাপখন ৷ তাৰ উশাহবোৰ ঘন হৈ আহিল ৷ চকুৰ আগত পৰি থকা চুলিকোচা তাই লাহেকৈ কাণৰ পাছলৈ ঠেলি পঠিয়ালে ৷ আজি কাণত গান বাজি থকা নাই ৷ বাহিৰত বতাহ ৷ ফাগুন নামিছে ৷ খিৰিকিৰে অহা বতাহজাকে বাৰে বাৰে আউল লগায় তাইৰ চুলিকোচাত ৷ তাৰ হিংসা লাগিল ৷ বলিয়া ফাগুন ! এটা এটাকৈ পাত লুটিয়াইছে তাই ৷ হঠাৎ কিতাপৰ মাজৰপৰা এখিলা কাগজ ওলাই পৰিল ৷ তাৰ উশাহবোৰ আৰু ঘন হ’ল ৷ তাই এবাৰ মুখৰ ভিতৰতে পঢ়িলে ৷ সি আঁৰ চকুৰে চাই থাকিল ৷ নাই আকৌ পঢ়িব ৷ এইবাৰ অলপ অস্পষ্টকৈ ৷ দুপৰীয়াৰ নীৰৱতাত শব্দবোৰ অস্পষ্ট হ’লেও তাৰ কাণত পৰাকৈ স্পষ্ট আছিল ৷
"... সাগৰ বিচাৰি বাট হেৰুওৱা ডৰিকণা মই ৷
তই নিমিলা অংকৰ সমীকৰণ ৷
লগ নলগা বৃত্তৰ দুটা বিন্দু আমি !"
...কবিতা কবিতা লগা দুপৰীয়া এটাত কবিতা হৈ নিগৰা তাইৰ হাঁহিটো ৷ কবিতাটো তাই সামৰি থ’লে নিজৰ বহীখনৰ মাজত ৷ তাইৰ ডায়েৰীৰ পৃষ্ঠাৰ মাজত মৰহা গোলাপ নাথাকিব পাৰে, থাকিব কোনোবা অনামিক ! বেনামী কবিতা ? কিন্তু সমুখত থকা এই অনামিক জন ? সদায় লাইব্ৰেৰীত দেখি দেখি ইটোৱে সিটোলৈ চাই হাঁহি মৰাটো সাধাৰণ কথা হৈ পৰিছিল ৷ সি একেথৰে তাইলৈ চাই ৰৈছে ৷ তাই মুৰ তুলি চালে ৷ সি অপ্ৰস্তুত হ’ল ৷ তালৈ চাই তাই হাঁহি দিলে ৷ হাঁহো নাহাঁহোকৈ সিও হাঁহিলে ৷
খিৰিকীৰে গছজোপালৈ চালে ৷ লঠঙা গছজোপা কেতিয়া জানো সেউজীয়া হ’ব ! এইখন চকীত বহিয়েই সি অপেক্ষা কৰিব ফুল ফুলা লৈ ৷
(সমাপ্ত)

No comments:

Post a Comment