Friday, 3 May 2019

মাৰফৎ গুৱাহাটী কলেজ

জীৱনৰ জখলা বগাওঁতে
প্ৰতিটো খটখটিত একোখন ঘৰ সাঁজো
নজনাকৈয়ে..
উদ্ভিদ বিজ্ঞান বিভাগ এখনি ঘৰ
ঠিকনা- মাৰফৎ গুৱাহাটী কলেজ ৷
ইয়াৰ মানুহবোৰ অভ্যাস
এক এৰাব নোৱৰা অভ্যাস...
কালিৰ পৰা অভ্যাসবোৰ সলনি হ’ব ;
হয়তো হৈছে
গতানুগতিক ব্যস্ততাবোৰ কমিব
সেউজ দোপাট্টাখনে আলনাৰ পাছফালে উচুপিব ৷
তিনিটা বসন্ত সাক্ষী হৈ ৰ’ল
আমাৰ হাঁহি কান্দোন অভিমান কাজিয়াবোৰৰ
সৰাপাতবোৰ সোঁৱৰণী হ’ল ৷
তথাপিও মনত পৰিবনে বাৰু
শ্বিলঙৰ শেষ নোহোৱা বাটটো ?
অথবা ছিকিম আৰু বৰফৰ দেশৰ কাহিনী ?
আৰু লাচুঙৰ উমাল সন্ধিয়াটো জানো পাহৰো বুলি পাহৰিব পাৰি ?
নোৱাৰি ৷
অপৰাজিতাডাল যে বটবৃক্ষ হৈ বুকুৱেদি শিপাইছে, নীৰৱে...
বিদায়...উফ চেপা কান্দোনটোৱে ডিঙিটো সোপা মাৰি ধৰিছে
শেষ বুলিলে জানো শেষ ?
‘বিদায়’ মাথোঁ আনুষ্ঠানিকতাহে !
তথাপিও চোন বুকুখন বিষায় ৷
সকলোৰে জীৱনৰ ষ্টেচনবোৰ বেলেগ বেলেগ
নামো বুলি ক’লে জানো ৰাখি থ’ব পাৰো  ?
নহ’লে লগত ময়ো নামি যাওঁ বুলি জানো নামি যাব পাৰো ?
ওহো .. নোৱাৰো ৷
ষ্টেচনবোৰ যে বেলেগ বেলেগ
কোনোবাটো কেঁকুৰিত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি
ডায়েৰীৰ পাতত শব্দ হৈ ওপঙি থাকে প্ৰতিশ্ৰুতিবোৰ !
শেষ আলিংগনটোৱে  দ’কৈ সাঁচ বহুৱাই যাওঁক পুনৰ লগ নোপোৱালৈ হাঁহিব পৰাকৈ ..
ডায়েৰীৰ পাতখিলা হালধীয়া নপৰালৈ প্ৰতিশ্ৰুতিবোৰ সেউজীয়া হৈ থাকক !


No comments:

Post a Comment