আগতেই কৈছো ৰিম প্ৰেমৰ ক্ষেত্ৰত কেঁচা ৷ Sympathy তাই দেখুৱাব নোৱাৰে ৷ তথাপি যিমান দূৰ পাৰে বুজালে ৷ এইকেইদিন মুখত হাঁহি নাই তাৰ ৷ তাইৰ ভাল নালাগে এনেকে ৷ দিনটো কিমান কি যে নাটক কৰে তাক হঁহুৱাবলৈ ৷ কেতিয়াবা নিজকে joker যেন লাগি যায় ৷ তাইৰ মাজে মাজে ভয় হয় ৰাগৰ ওপৰত ইমান dependant তাই ৷ দুদিন পাছত যেতিয়া তাৰ জীৱনত কোনোবা আহিব সকলো জানো একেই থাকিব ? ছোৱালীজনীৰ আপত্তি নাথাকিব জানো এনে এটা বন্ধুত্বৰপৰা…সি যদি আতৰি যায় ! …এদিন সি হঠাৎ সুধিলে "অ’ই তোৰ লগত যে টিউচন কৰিছিল পাখি, ছোৱালীজনী কেনেকুৱা নো ?" ৰিমে বৰ এটা গুৰুত্ব দিয়া নাছিল ৷ "ভালেই ছোৱালীজনী ৷ ইমান বেছি Close নহয় অৱশ্যে ৷" কিন্তু তাইতো জনা নাছিল দুয়োৰে মাজত কোনেও নজনাকৈ এটা সম্পৰ্ক আৰম্ভ হৈছিল ৷ যিদিনা গ’ম পাইছিল ,তাইৰ সমান সুখী কোনো হোৱা নাছিল ৷ কিন্তু কোনোবাখিনিত সেইটো ভয়, ৰাগ আতৰি যাব ৷ তাই সদায় সাজু ৷ ভাবিলে এটা gap maintain কৰাটো ভাল হ’ব ৷ ৰিমে নিবিচাৰে তাইৰ বাবে ৰাগ আৰু পাখিৰ মাজত problem হওঁক ৷ For her, all matters is his happiness ! আনৰ সুখত হাঁহিব জনা ছোৱালী তাই। যিদিনা পাখিয়ে কৈছিল ,"তই কিয় আঁতৰিব লাগে ৷ তাৰ কাৰণে মোৰ priority বেলেগ আৰু তোৰ বেলেগ ৷ তহঁত মোতকৈ আগৰপৰা আছ’ ৷ মই তাক তহঁতৰপৰা আঁতৰাই অনাতকৈ, তহঁতৰ মাজৰ এজন হৈ থাকিব নোৱাৰিম নেকি ?" মা কচম, ৰিমৰ তাইক গালতে চুমা এটা খাই দিব মন গৈছিল।
(৭)
“কালি কেইটাত যাবি ?" …“ৰাতিপুৱাই যাম ৷ গৈ আকৌ হোষ্টেল ঠিক ঠাক কৰিব লাগিব ৷" ৰিমে চাহত সোহা এটা মাৰিলে ৷ "Packing হৈ গ’ল ? সব লৈছ’তো ভালকে ?" "উম লৈছো দে ৷" বুলি ৰিমৰ প্লেটৰ পৰা পকৰি দুটা থপিয়ালে সি ৷ আনকালে হোৱাহেঁতেন ইমান সময়ে পৃথিৱী তল ওপৰ হ’ল হয় ৷ আজি তাইৰ কাজিয়া কৰিব মন নগ’ল ৷ "আৰু লাগে যদি ল’ ৷ তাত হোষ্টেলত ক’ত পাবি ৷" সি হাঁহিলে "আৰে ইমান serious কিয় ৷ হোষ্টেল যাম ভাই, বনবাস নহয় ৷" তাই একো নক’লে ৷ বেয়া লাগিছে ৷ ৰাগে কান্ধত হাত এখন থৈ ক’লে "কি হ’ল ? চা শিলচৰহে যাম ৷ আহিয়েই থাকিম চোন ৷ Chill !" …“ তাকেই শিলচৰহে যাবি …কিন্তু শিলচৰ যে গুৱাহাটী নহয় !” তাইৰ মাতটো সেমেকি গ’ল ৷ এনেতে ঘড়ীত ৬টাৰ ঘণ্টা মাৰিলে ৷ "ঐ মই যাওঁ দে৷ দেৰি হ’ল ৷"…তাক গেটলৈ আগবঢ়াই দি আহোতে কিয় জানো ডিঙিটো সোপা মাৰি ধৰিলে। তিতি যোৱা গাল দুখন মচি পেলাব মন নগ’ল ৷ সি যোৱা সময়ত কৈছিল "I'm the last one to come & first one to leave !" সি যেন ভিৰত হেৰাই নাযায় ! তাইৰ এটা কবিতা লিখি দিছিল সি…সেইটো পঢ়ি কিমান সময় কান্দিলে তাইয়ো নাজানে !
(৮)
“ঠিক কৰিলি ৰুম ? ৰুমমেট আহিল নে নাই ?"… "হ’ল দে সব ঠিক। এহ্ ৰুমমেট চিনাকীয়ে ৷ আগত যে টিউচন কৰিছিলো একেলগে, অনুভৱ, সি ৷"…“ বাহ নামো মিলাই দিছে দে অনুৰাগ-অনুভৱ ৷" তাই হাঁহিলে ৷ At last a sigh of relief .
ল’ৰা হোষ্টেলীয়া হ’ল । NITS , PG hostel ,room E104 নতুন ঠিকনা ৷ কেইটামান বছৰ পাছত ইঞ্জিনিয়াৰ হৈ ওলাব ৷ তাৰ ভাল হওঁক সেইটোৱেই কামনা কৰে ৷ গালিও কম পাৰে নেকি তাক ! যোৱাৰ আগত কিমান বুজাইছে হোষ্টেল গৈ চিগাৰেট নাখাবি , মদ নাখাবি ৷ হোষ্টেলাৰৰ পৰা সাধাৰণতে এইবোৰ আশা কৰাটো ভুল বুলি তাইয়ো জানে ৷ হঠাৎ দুই এটা ওলাব ৷ কিন্তু ৰিমৰ তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তাৰ Limit খিনি সি বুজি পায় ৷ তাই জানে She cares for him & he values it !
( to be continued )
No comments:
Post a Comment