Friday, 20 January 2017

আঁৰে আঁৰে part # 1 (An arranged love tale of 80's)

(based on a true story)
Here's a story of 80's . When I'm not able to find a plot from my imagination for my new story, there I've a big fat family for my 2nd option :D ...য’ত মবাইল Whatsapp social media ৰ virtual পৃথিৱীখনৰ পৰিৱৰ্তে আছিল নীলা খামৰ চিঠিৰ এখন অকৃত্ৰিম পৃথিৱী…
(tried to focus on 80's songs)

  ᪅ সুুৰাত মগন ভয়াল ৰাতি
  ᪅ মৌন কোলাহল
    মই যে এক ৰ’দৰ বিলাস
    শব্দৰ সমদল…”
  ৮০ ৰ দশক ৷ জুইয়ে পোৰা ৮৩ ৰ পাছৰ কথা ৷ লাহে লাহে জুই বোৰ নুমাইছিল ৷ স্বাভাৱিক জীৱন এটালৈ ঘূৰি আহিছিল সকলো ৷ " দিনৰ পোহৰ ৰংচঙীয়া…ভাল মানুহৰ খং…ৰাতিৰ আন্ধাৰ গমগমীয়া…চোৰ মাতালৰ ৰং…" - ৰেডিঅ’টো কাণৰ কাষত লৈ সমীৰণে বিচনাত বাগৰ দিছে ৷ টোপনি অহা নাই ৷ ৰেডিঅ’টোত মাজে মাজে গানবোৰ হঠাৎ নবজা হৈ যায়, খেৰখেৰাব ধৰে ৷ চেণ্টাৰটো অকমাণ অগা-পিছা কৰি দিলে আকৌ বাজিব ধৰে ৷ তেতিয়া ১০ বাজি যোৱা মানেই বহুত ৰাতি ৷ ৰাস্তাৰে কোনোবাই চেণ্ডেলযোৰ চোঁচৰাই খোজ দিছে ৷ তাৰ চিঞৰবোৰ শুনিলেই গ’ম পায় ডিঙিলৈ এসোপা গিলি আহিছে ৷ মাজে মাজে কুকুৰকেইটাই ভুকিছে ৷ সমীৰণৰ কাষৰ বিচনাখনত মাক শুই আছে ৷ মাজে মাজে গৰমত বিচনী ঘূৰাইছে ৷ মাজে মাজে আকৌ বাগৰ সলাইছে ৷ সমীৰণে তাৰ বিচনাৰ কাষৰ খিৰিকিখন খুলি দিলে ৷ এজাক ঠাণ্ডা বতাহে চুই গ’ল ৷
      প্ৰায় ছমাহ আগত চাকৰিসূত্ৰে গুৱাহাটীলৈ আহিছে ৷ লগত মাককো লৈ আনিছে ৷ শৰণীয়া পাহাৰৰ কাষত সৰু ঘৰ এটা ভাড়ালৈ লৈছে ৷ তেতিয়াৰ গুৱাহাটীত মানুহৰ সংখ্যা কম ৷ গাড়ী বুলিবলৈ নাক থকা বাছবোৰেই বেছি ৷ সৰহভাগেই অসম আৰ্হিৰ ঘৰ ৷ …সমীৰণৰ বিয়াৰ বয়সো নোহোৱা নহয় ৷ মাকে সুবিধা পালেই বিয়াৰ কথা উলিয়ায় ৷ সি কিবা কিবি কৈ তল পেলায়। আজিকালি আকৌ মাকৰ এটা নতুন সন্দেহ, “ তই ৰাতি ৰাতি খিৰকিৰ কাষত কাৰ লগত কথা পাতি থাকা এ ?” …তেতিয়াতো আজিৰ দৰে মবাইল whatsapp এইবোৰো নাছিল ! সি ৰাতি সদায় ৰেডিঅ’ত গান শুনিছিল আৰু মাকে ভাবিছিল কাৰোবাৰ লগত খিৰিকিৰ ফাঁকেৰে কথা পাতে ! সমীৰণে মুৰে কপালে হাত দি ভাৱে “উফ ! এতিয়া কি কৰো ! গানেই কাল হ’ব যেন পাইছো মোৰ !”
(to be continued )


No comments:

Post a Comment