Monday, 31 August 2020

মেঘালী (খণ্ড ১)

(১)

পাহাৰখনৰ সিটোমূৰত হেঙুলীয়া ৰংটো অলপ বেছি হেঙুলীয়া হৈ বিয়পি পৰিছে ৷ শুকুলা মেঘবোৰেও হেঙুলীয়া ৰং সানি লৈছে ৷ আনফালৰপৰা ক’লা মেঘে পাহাৰখন ঢাকি আহিছে ৷ "বৰষুণ দিব চাগে ৷" প্ৰবালে আকাশখনলৈ চালে ৷ তাক ইতিকিং কৰি কলীয়া ডাৱৰ গৰজি উঠিল ৷ এই ঠাইখনৰ সৈতে বৰষুণৰ অপাৰ প্ৰেম ৷ নহাকৈ থাকিব পাৰিব জানো ! শেষ হোৱা চিগাৰেটটো সি ভৰিৰে মোহাৰি পেলালে ৷ শেষৰ ধোঁৱাখিনি কুন্দলী পকাই মেঘ হৈ উৰি গ’ল ৷ অলপ আতৰত মানসে চকু দুটা মুদি কাষৰ গছডালতে ভেঁজা দি বহি আছে ৷ তলত পাহাৰীয়া নৈখনৰ অস্তিত্বৰ ক্ষীণ প্ৰবাহ এটা ভাঁহি আহিল ৷ লাহে লাহে জিলিৰ মাতটো আৰু গভীৰ হ’ল ৷ দিনটোৰ শেষৰ চাহকাপ বিক্ৰী যোৱাৰ আশাত মৌচীয়ে প্ৰবাললৈ চাই সুধিলে, "ভাই চায় পিয়োগে ?" সি মুৰটো সমান্য জোকাৰি নাখাওঁ বুলি ক’লে ৷ তেওঁ দোকানৰ বস্তুবোৰ সামৰাত লাগিল ৷ দোকান বুলিবলৈ ত্ৰিপালখনৰ তলত কাঠৰ সৰু টেবুল এখন ৷ পুৱাই আহি চাহ বিস্কুট, পাপৰ, চানা, মাকৈ লৈ বহে ৷ বতৰ অনুযায়ী বিক্ৰীৰ পৰিমাণ কম-বেছি হয় ৷ 

বৰষুণৰ টোপাল মানসৰ গালত পৰিলত সি একেজাঁপে বহাৰ পৰা উঠিল ৷ "ভাই ব’ল ৷ বৰষুণ পৰিছে ৷ ছাতিও নানিলো নহয় ৷" পাতলীয়া বৰষুণজাকত ভিজি দুয়ো হেঙুলীয়াৰপৰা ঘন নীলা হ’ব ধৰা বাটটোৰে খোজ কাঢ়ি আহি থাকিল ৷ মেঘবোৰে আগ ভেটি ধৰিছেহি ৷ গছবোৰৰ মাজে মাজে মেঘৰ লুকা-ভাকু ৷ সমুখৰ কেঁকুৰিটোৰ হেল’জেনৰ পোহৰ ধোঁৱা ধোঁৱা হৈ ঠাইতে বিয়পি পৰিছে ৷ এইটো ৰাস্তাত সন্ধিয়াৰ পাছত বৰকৈ মানুহ আহ-যাহ কৰিবলৈ নাই ৷ সমুখৰ দুটা কেঁকুৰি পাৰ হৈ বজাৰখন ৷ মেঘৰ মাজত চহৰখন তাত গাভৰু হৈ উঠে সন্ধিয়া ৷ মানুহৰ সঘন আহ-যাহ ৷ এজাক প্ৰেমৰ বৰষুণ আৰু ৰঙীন ছাতিৰ তলত শিপা মেলা প্ৰেমবোৰ ! Stars kneel down to kiss you...কোনোবাই ভিৰৰ মাজতে গুণগুণাই কাষেৰে পাৰ হৈ গৈছে ৷ দূৰৈৰ পাহাৰৰ লাইটবোৰ জ্বলি উঠিছে ৷ যেন আকাশৰ তৰাবোৰ কোনোবাই পাহাৰখনত মেলি দিছে ! মায়া আছে ঠাইখনত ,বুজাব নোৱৰা মায়া ৷ প্ৰবাল আজি অলপ অন্যমনস্ক ৷ ক’ব নোৱৰাকৈ দুই এজনৰ গাত খুন্দাও খাইছে ৷ "চাহ খাবি ?" মানসে সোধাতহে সম্ভিত ঘূৰাই পালে ৷ দুয়ো সৰু চাহৰ দোকানখনত সোমাই চাহ-চিঙৰা অৰ্দাৰ দিলে ৷ দোকানখনত কম ভলিউমত নেপালী গান এটা বাজি আছিল ...''হেৰ’ তিম্ৰ লাগি তাৰা ত’ৰী দিন্‌ছু ৷" আনকালে হোৱাহেঁতেন প্ৰবালে গুণগুণালে হয় ৷ নাই, আজি মাঁথো বাৰে বাৰে ম’বাইলটোলৈ চাইছে ৷ অপেক্ষা ! অপেক্ষাৰ মাদকতা সুকীয়া নে বুকুৰ ধপ্‌ধপনিৰ শব্দটো সুকীয়া সি নাজানে ! 

প্ৰবালৰ ম’বাইল স্ক্ৰীণৰ লাইটটো জ্বলি উঠিল ৷ one new masage received. তাৰ গাল দুখন সামান্য গৰম হৈ আহিল মূহুৰ্তৰ বাবে ৷ মেঘালীৰ মেছেজ, "ঠিকে আছ’ তই ? Mood off যেন লাগিছিল তেতিয়া ৷" কি সুধিব লগা কথা হ’ল ! গৰম হৈ অহা গালদুখনত অস্বস্তিৰ ভাৱ স্পষ্ট ৷ তাৰ reply দিবলৈ মন নগ’ল ৷ নাই, আৰু কাৰো মেছেজ, মিছকল নাই ৷ সি খঙতে ফোনটো পকেটত সুমুৱাই গৰম চাহ কাপত চুমুক দিলে ৷ মানসে তাক গৰম আছে বুলি ক’বও নাপালে...আই ঔ পুৰিল, কি গৰম ! প্ৰবালে চিঞৰি উঠিল ৷ ধেৎ দিনটোৱেই বেয়া বুলি ম’বাইলটো আকৌ চালে ৷ নাই তাৰ মুখখনৰ ৰং সলনি হোৱা দেখা নগ’ল ৷ আকৌ একেথৰে বাহিৰলৈ চাই ৰ’ল ৷ ৰাস্তাটোত ছাতিৰ ভিৰ কম ৷ দুয়োকাষৰ দোকানবোৰৰ বাৰাণ্ডাত ছাতিৰ জুম বান্ধিছে ৷ তাৰ ওলাই গৈ বৰষুণত মুখখন পাতি দিব মন গ’ল ৷ ডিঙিটো সোপা মাৰি ধৰিছে কোনোবাখিনিত ৷ পৰীক্ষাৰ ফলাফল ঘোষণাৰ ঠিক আগ মূহুৰ্তৰ উদ্বিগ্নতা ৷ যোৱা বাৰটা বছৰ পলকতে চকুৰ আগেৰে পাৰ  হৈ গ’ল ৷ চকুদুটা মুদি ’অদিতি’ বুলি চিঞৰি দিব ইচ্ছা গ’ল তাৰ ৷

(আগলৈ)