Wednesday, 13 September 2017

স্নেপশ্বট


                                 স্নেপশ্বট (১)
     অপাৰেচন থিয়েটাৰৰ ভিতৰত ব্যস্ততা ৷ ডাঠ সেউজীয়া এপ্ৰ’ন আৰু মাস্ক পিন্ধি ইফাল সিফাল দৌৰি ফুৰিছে ৷ ন মাহৰ অপেক্ষা শেষ হ’ল ৷ নাৰ্চগৰাকীয়ে তাইক changing ৰুমত সুমুুৱাই দি হাস্পতালৰ কাপোৰযোৰ পিন্ধি ল’বলৈ দিলে ৷ কাপোৰযোৰ বুকুত সাৱটি লাহে লাহে সেউজীয়া স্ক্ৰীণখনৰ পাছফালে নাইকিয়া হ’ল ৷ চাৰিওফালে এটা চিৰ পৰিচিত  হাস্পতালৰ গোন্ধ ৷ তাই কান্দিছে ৷ কিয় ? উত্তৰ নাই ৷ জীৱনটো সলনি হ’ব কিছু সময় পাছত ৷ 'মা' ,এক গুৰু দায়িত্ব ৷ তাই জানো পাৰিব ? তাই জানো প্ৰস্তুত ? ক’ত জানো সাহসবোৰ হেৰাই গ’ল ৷ বুজা নুবুজা শিহৰণ, ভয়, শংকা, স্ফুৰ্তি…তাইৰ কান্দোনৰ শব্দ বাঢ়ি আহিল। গৰ্ভত থকা সন্তানটোৱে হাহাকাৰ কৰি উঠিল ,যেন মাকৰ চপুপানী সহ্য হোৱা নাই ৷ …তাই পাৰিব, পাৰিব লাগিব ৷ চকুপানী মচি লাহে লাহে ওলাই আহিল ৷ হয়তো মাতৃত্ব, সাহসৰ আন এক নাম ৷

                               স্নেপশ্বট (২)
        মানুহগৰাকীৰ গাত তত নাই নাতি পোৱালিটো একোলা ল’বলৈ। মেখেলাখন কলাফুললৈ কোচাই লৈছে ৷ পৰি যোৱা চাদৰৰ আঁচলটো বাৰে বাৰে উঠাই লয় ৷ মাজে মাজে ঘামে তিয়াই পেলোৱা মুখখন মচে ৷ নাৰ্চগৰাকী হাতত কেঁচুৱাটি লৈ ওলাই আহিল ৷ তেওঁ হাতত থকা অনাকটা গামোচাখন মেলি ধৰিলে। পৰম্পৰা ! আইতাকৰ গাৰ উম পোৱা মাত্ৰকে কেঁচুৱাটোবে মুখখন বেঁকা কৰি কান্দি উঠিল ৷ এইমাত্ৰ চফা কৰি অনা কেচুৱাটোৰ চুলি ঘন ,মুৰত লিপিট খাই পৰি আছে ৷ মুঠি মাৰি থকা কণ কণ আঙুলিকেইটা আইতাকে এবাৰ খহটা হাতখনেৰে চুই দিলে ৷ ঠিক বাপেকৰ দৰেই হৈছে চোন ৷ তিনিমাহ আগত হেৰুওৱা তেওঁৰ ল’ৰাজন যেন আকৌ ঘূৰি আহিল ৷ গাল দুখন তিতি গ’ল ৷

                                স্নেপশ্বট (৩)
     নমিতাৰ আজি নাইট ডিউটি আছে ৷ বৰ এটা ভাল নাপায় তাই টোপনি ক্ষতি কৰিব ৷ কিন্তু হাস্পতালৰ ৰাতিৰ নিস্তব্ধতা ভাল লাগে তাইৰ ৷ কেতিয়াবা যদি  শান্ত, কেতিয়াবা অসহ্যকৰ, কেতিয়াবা আকৌ ৰহস্যময় ৷ বগা ইউনিফৰ্মযোৰ পিন্ধি ৱাৰ্ডত সোমাল ৷ তাই নথকাত হয়তো দুজনমান ৰিলিজ লৈ গ’লেই ৷ দুখনমান বেড বেছিকৈ খালী হৈ পৰি আছে ৷ জীৱন বাটত বা আকৌ কেতিয়া দেখা দেখি হয় ! …“চিচটাৰ, চেলাইন শেষ হৈছে৷” …হুমুনিয়াহ এটা কাঢ়ি চেলাইন বটল দুটা হাতত লৈ তাই উঠি গ’ল ৷ চকীখনত বহি থাকোতে কেতিয়া জানো চকু দুটা মুদ খাই গ’ল ৷ নিস্তব্ধতা ভাঙি ৱাৰ্ডৰ শেষৰ বেডখনৰ কেঁচুৱাটোৱে কান্দি উঠিল ৷ তাইৰ মনটো বেয়া লাগি গ’ল ৷ চেহ ! ছোৱালীজনী বা শুইছে নে নাই ৷ তাই নথকাৰ দিনা দেউতাকক বৰ আমনি কৰে ৷ ঘড়ীটো চালে ৷ ১ বাজিছে ৷ আৰু ৬ টা ঘণ্টা বাকী ৷ চকু দুটা আকৌ মুদি দিলে ৷

                                  স্নেপশ্বট (৪)
         চাহকাপ হাতত লৈ ভাস্বতী কেবিনৰপৰা ওলাই আহিল ৷ দেউতাকৰ ৰিপ’ৰ্টটো চাই তাইৰ মনটো ভাল লগা নাই ৷ তাইৰ নিজৰ ডাক্তৰী ডিগ্ৰীটোও অসাৰ যেন লাগিল ৷ কৰিডৰটোৰ একবাৰে মূৰত থকা খিৰিকিখনৰ কাষত থিয় হ’ল ৷ সন্ধিয়াৰ হেঙুলীয়া আকাশখন এফালৰপৰা ক’লা ডাৱৰে ঢাকি আহিছে ৷ হাতত স্থেতিস্কোপডাল লৈ ৰিদীপে খৰকৈ শেষৰ কেবিনটোৰ ফালে খোজ দিছে ৷ হঠাৎ এটা মূহুৰ্তত খোজৰ গতি লেহেম হৈ গ’ল ৷ ভাস্বতী ! খোজৰ লগত দুলি থকা একোচা কেঁকোৰা চুলি, বতাহত উৰি থকা আকাশী নীলা এখন দোপাট্টা, তেজৰ চেকুৰা লাগি থকা বগা কোট আৰু ক’ম ক’ম বুলি ডায়েৰীৰ পাততেই ৰৈ যোৱা কথাখিনিৰ মাজত কুচি মুচি সোমাই থকা সেই ফুলপাহ…এটাৰ পাছত এটাকৈ নষ্টালজিয়াৰ ঢৌৱে খুন্দিয়াই গ’ল ৷ হাতত ভাস্বতীৰ দেউতাকৰ ফাইলটো লৈ ৰিদীপ লাহে লাহে তাইৰ কাষত থিয় হ’ল ৷ …“ৰিদীপ দা, …দেউতা…” তাইৰ কান্ধত লাহেকৈ হাতখন থৈ, “একো নহয় ৷ তেওঁ মোৰ দায়িত্ব ৷ চিন্তা নকৰিবা ৷” …সি জানো তাইক ভাঙি পৰিব দিব পাৰে ! তাইৰ ফিকা চাহকাপত দুটোপাল পানী বেছিকৈ যোগ হ’ল ৷